সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭]

ধৰ্ম্মানন্দজীয়ে নিজৰ গভীৰ অধ্যয়নৰ আটাইখিনি সুফল উবুৰিয়াই দি লোক-সুলভ শৈলীৰে মাৰাঠী ভাষাত এই পুথি ৰচনা কৰে। মহাত্মা গান্ধীৰ গুজৰাত বিদ্যাপীঠে ইয়াৰ গুজৰাতী অনুবাদ প্ৰকাশ কৰায়।

 ১৮৭৬ চনত গোৱাৰ এখনি সৰু গাঁৱত ধৰ্ম্মানন্দ কোসস্বীৰ জন্ম হয়। গোৱাত চৰকাৰৰ তৰফৰ পৰা শিক্ষালাভৰ কোনোৰূপ ব্যৱস্থা নাছিল। গতিকে ঘৰতে তেওঁ অলপ অচৰপ মাৰাঠী আৰু সংস্কৃত শিকে আৰু নিজৰ বেচিভাগ সময় বাৰীৰ নাৰিকল গছত পানী দিওঁতেই কটাই দিয়ে। এনেতে এদিন তেওঁ ‘বালবোধ' নামৰ মাৰাঠী ভাষাত প্ৰকাশিত লৰা-ছোৱালীৰ মাহেকীয়া আলোচনী কাকত এখনত বুদ্ধ ভগৱানৰ জীৱন-চৰিত্ৰ পঢ়িবলৈ পায়। ইয়াক পঢ়ি তেওঁ এনেভাৱে প্ৰভাৱিত হৈ পৰে যে তেওঁ আন সকলো কথাকে এৰি বৌদ্ধ ধৰ্ম্মৰ সম্যক জ্ঞান লাভ কৰাৰ সংকল্প গ্ৰহণ কৰি পেলায়। তেওঁ নিজৰ জীৱন- চৰিত্ৰত লিখিছে, ‘মোৰ এনে লাগিছিল যে মোৰ জীৱনত লাগিলে যিমানেই সংকট নাহক, যিমানেই বিপদ নহওক, মই যদি বুদ্ধোপদেশৰ জ্ঞান লাভ কৰিব পাৰোঁ তেন্তে মোৰ জীৱন সফল হৈ যায়।”

 পাৰিবাৰিক দুৰ্যোগৰ কাৰণে গৃহস্থীৰ প্ৰতি ধৰ্ম্মানন্দজীৰ মনত বিৰাগ জন্মিল আৰু ২২ বছৰ বয়সত তেওঁ ঘৰ ত্যাগ কৰিলে। বোম্বাইৰ প্ৰাৰ্থনা-সমাজৰ কাৰ্য্যালয়ত থাকি তেওঁ অলপ অচৰপ অধ্যয়ন কৰিলে। পূণালৈ গৈ বিখ্যাত পণ্ডিত ডক্তৰ ভাণ্ডাৰকৰৰ লগত সাক্ষাৎ কৰিলে। গোৱালিয়ৰ আৰু বাৰাণসীলৈ গৈ সংস্কৃত শাস্ত্ৰৰ গভীৰ অধ্যয়ন কৰিলে। এই আটাইবোৰ কৰাৰ পিচত তেওঁৰ নিজৰ মূল সংকল্প অনুসৰি বৌদ্ধ ধৰ্ম্মৰ লগত পৰচিত হবলৈ তেওঁ প্ৰথমতে নেপাললৈ গল কিয়নো নেপাল হল বুদ্ধ ভগৱানৰ জন্মভূমি। তাৰ পিচত গল বোধি-গয়ালৈ। বোধি-গয়াত তেওঁ বুজিব পাৰিলে যে বৌদ্ধ শাস্ত্ৰৰ ত্ৰিপিটক গ্ৰন্থৰ অধ্যয়ন গয়াতহে হব পাৰে।