১২। সূৰসেন (শূৰসেন)— সুৰসেনৰ ৰাজধানী আছিল মধুৰা (মথুৰা)। তাত অৱন্তিপুত্ৰ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। অৱন্তিপুত্ৰ আৰু মহাকাত্যায়নৰ মাজত বৰ্ণাশ্ৰম ধৰ্ম্মৰ বিষয়ে যি আলো- চনা হৈছিল, ‘মজ্ঝিমনিকায়’ৰ মধুৰসুত্তত তাৰ বৰ্ণনা দিয়া হৈছে। এই দেশলৈ ভগৱান বুদ্ধ কদা কাচিৎহে গৈছিল। ‘অঙ্গুত্তৰনিকায়’ৰ পঞ্চক নিপাতৰ তলত দিয়া সুত্তৰ পৰা অনুমান হয় যে তেওঁ মধুৰাক বিশেষ ভাল নাপাইছি:
পঞ্চিমে ভিক্খৱে আদীনৱা মধুৰয়ং। কতমে পঞ্চ? ৱিসমা, বহুৰজা, চণ্ডসুনৰৱা, ৱালযক্খা, দুল্লভপিণ্ডা। ইমে খো ভিক্খৱে পঞ্চ আদীনৱা মধুৰয়ংতি।
অৰ্থাৎ “হে ভিক্ষুসকল, মথুৰাত পাঁচোটা দোষ আছে। সেই পাঁচোটানো কি? তাৰ ৰাস্তাবোৰ অসমান, সি ধুলিৰে ভৰা, কুকুৰ- বোৰ দুষ্ট, যক্ষসকল নিষ্ঠুৰ আৰু তাত ভিক্ষা পোৱাটো কঠিন। ভিক্ষু- সকল, মথুৰাত পাঁচোটা দোষ আছে।”
১৩। অস্সকা (অল্মক)— ‘সুত্তনিপাত’ৰ পাৰায়ণ বগ্গৰ আৰম্ভনিতে যি বথুগাথা আছে, তাৰ পৰা অনুমান হয় যে অস্সক ৰাজ্য গোদাবৰী নৈৰ কাষৰ কোনো ঠাইত আছিল। শ্ৰাৱস্তীত থকা বাৱৰী নামৰ ব্ৰাহ্মণে নিজৰ ষোলজন শিষ্যৰে সৈতে এই ৰাজ্যত বাস কৰিছিল।
সো অস্স কসস বিসয়ে অলকস্স সমাসনে।
ৱসী গোদাৱৰী কূলে উঞ্ছেন চ ফলেন চ॥
অৰ্থাৎ “তেওঁ ( বাৱৰী) অশ্বক ৰাজ্যত আৰু অলক ৰাজ্যৰ কাষত গোদাবৰী নৈৰ পাৰত ভিক্ষা আৰু ফল সংগ্ৰহ কৰি বাস কৰিবলৈ ধৰিলে।” অট্ঠকথাকাৰৰ মতে অসসক আৰু অলক দুয়োৰ আৰ্জ ( অন্ধক) ৰা আছিল আৰু তেওঁৰ ৰাজ্যৰ ওচৰতে বাৱৰীয়ে যোজন শিষ্যৰে