পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভক্ত পণ্ডিত ধৰ্ম্মানন্দ কোসম্বী

এই পুথিৰ মূল লেখক শ্ৰীধৰ্ম্মানন্দ কোসম্বী পাঁচটি ভাষা আৰু সাহিত্যৰ এজনা বিৰাট পণ্ডিত অছিল। বৌদ্ধ ধৰ্ম্মম সম্পৰ্কীয় সকলোবিৰ মৌলিক সাহিত্য গভীৰ অধ্যয়ন কৰি তেওঁ বিদ্বান হিচাপে আন্তৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। কিন্তু অকল বিদ্বতা লাভেই তেওঁৰ কৰ্ম প্ৰয়াসৰ লক্ষ নাছিল। তেওঁ আছিল বুদ্ধ ভগৱানৰ অনন্য ভক্ত। গতিকে তেওঁ যি পাইছিল, যি কৰিছিল আৰু সাহিত্য প্ৰশস্তিৰ দ্বাৰা যি দিছিল—সেই আটায়েৰে উদ্দেশ্য আছিল-'বহুজন হিতায়, বহুজন সুখায়'৷

 তেওঁ লিখি যোৱা ভগৱান বুদ্ধৰ এই চৰিত্ৰ ভালেখিনি ফালৰ পৰাই মৌলিক। ইয়াক পাঠ কৰি আমি ভগৱান বুদ্ধ সম্বন্ধে প্ৰকৃত নিৰ্ভৰ যোগ্য আৰু প্ৰামাণিক জ্ঞান লাভ কৰিব পাৰোহঁক।

 আজি কালি আমি ভগৱান বুদ্ধ সম্বন্ধে যি আলোচনা আদি পঢ়িবলৈ পাওঁ সি অধিক ক্ষেত্ৰতে ইংৰাজী লেখক সকলে ৰচনা কৰা চৰিত্ৰ-গ্ৰন্থৰে সাৰ সঙ্কলন। স্যৰ এডৱিন আৰ্ণল্ডে 'লাইট অফ্ এচিয়া' নামৰ এখন কাব্য ৰচনা কৰিছিল আৰু তাতেই ভগৱান বুদ্ধৰ পুৰণি কাহিনী সমগ্ৰ বিশ্বৰ আগত দাঙি ধৰিছিল। পুথিখন এনে মনোৰম হৈছিল যে তাৰ ফলত পুব আৰু পছিমৰ লিখা-পঢ়া জনা সকলো মানুহেৰে ওপৰতে গভীৰ প্ৰভাৱ পৰিছিল। লাইট অফ্ এচিয়াত সম্বলিত ভগৱান বুদ্ধৰ চিত্ৰৰ বাবে সমগ্ৰ বিশ্বই স্যৰ এডৱিন আৰ্ণল্ডৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিব। কিন্তু সি আছিল কাব্যময় চিত্ৰ। পল চেও ইংৰাজী গ্ৰন্থত তেনে এটি মনোৰম চিত্ৰ দাঙি ধৰিছে। ইয়াৰ পিছত