নহয নহয়, সিংহৰ নিচিনাকৈ শব্দলৈ ভয নকৰে, বায়ুৰ নিচিনাকৈ অলিপ্ত থাকে, যি আনৰ নেতা কিন্তু নিজৰ হলে কোনো নেতা নাই, তেনে- লোককে বিজ্ঞজনে মুনি বুলি কয কয়।৭
যাৰ বিষয়ে আনে যি কোনো কথা কলেও ঘাটত থকা স্তম্ভৰ[৩] নিচিনাকৈ যি স্থিৰ হৈ থাকে, যি বীতৰাগ আৰু যাৰ ইন্দ্ৰিয়সমুহ সুসমাহিত, তেওঁকে মানুহে মুনি বোলে।৮
যি স্থিতাত্মা মাকোৰ[৪] নিচিনাকৈ পোনে পোনে যায়, পাপ-কৰ্ম্মক তিৰস্কাৰ কৰে, বিষম আৰু সমৰ বিচাৰ কৰি চায়, তেওঁকে জ্ঞানীলোকে মুনি বোলে।৯
কম বযসৰে হওক বা আদহী্যা বয়সৰে হওক, যি সংযতাত্মা মুনিয়ে পাপ নকৰে, যি যতাত্মাই ক্ৰোধ নকৰে আৰু আন কাকো ক্ৰুদ্ধ কৰি নোতোলে, তেওঁকে জ্ঞানী লোকে মুনি বোলে।১০
যি আনে দিয়া ভিক্ষাৰ ওপৰত নিৰ্ব্বাহ কৰি চলে, আৰম্ভনিতে, মাজত আৰু শেষতো ৰন্ধা অন্নৰ ভিক্ষা পালে যি স্তুতি বা নিন্দা নকৰে, তেওঁকে জ্ঞানী মানুহে মুনি বুলি কয়।১১
যি মুনি স্ত্ৰী-সঙ্গৰ পৰা বিৰত থাকে, তৰুণ হলেও ক'তো বন্ধ নহয়, মদ প্ৰসাদৰ পৰা বিৰত আৰু মুক্ত থাকে, তেওঁকে জ্ঞানীসকলে মুনি বুলি কয়।১২
যি ইহলোকৰ কথা জানি পৰমাৰ্থ দেখা পাইছে, প্ৰবাহ আৰু সমুদ্ৰতৰৰ প্ৰতি যাৰ তাদৃগ্ভাৱ প্ৰাপ্তি হৈছে; যি বন্ধন ( গাঁথি) ছিঙি দিছে, যি অনাশ্ৰিত আৰু অনাশ্ৰয়, তেওঁকে জ্ঞানীসকলে মুনি বোলে।