পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ২
৩২৯
 


 আনন্দ—হয় ভদন্ত, ৱজ্জীসকলে বৃদ্ধ ৰাজনীতিজ্ঞক মান কৰে আৰু তেওঁলোকৰ কথা শুনে।

 ভগৱান-তেওঁলোকে নিজৰ ৰাজ্যৰ বিবাহিতা অথবা অবিবাহিতা তিৰোতাসকলৰ ওপৰত অত্যাচাৰতো নকৰে?

 আনন্দ-ভদন্ত, মই শুনিছোঁ যে ৱজ্জীসকলৰ ৰাজ্যত তিৰোতা সকলৰ ওপৰত বলাৎকাৰ নহয়।

 ভগৱান-ৱজ্জীসকলে নিজৰ নগৰৰ ভিতৰত আৰু বাহিৰত থকা দেৱস্থানবোৰৰ উচিত সংৰক্ষণ কৰেনে?

 আনন্দ-মই শুনিছোঁ যে তেওঁলোকে দেৱস্থানবোৰৰ প্ৰতি ভাল দৰে চকু ৰাখে।

 ভগৱান—নিজৰ ৰাজ্যলৈ অহা অৰ্হন্তসকল সুখত থাকক আৰু নহাসকলেও আহিবলৈ উৎসাহ পাওক এই উদ্দেশ্যে ৱজীসকলে জানো কিবা ব্যৱস্থা কৰে যাতে অৰ্হন্ত সকলৰ একো কষ্ট নহয়। ৱজ্জীসকলে সেই বিষয়ে সতৰ্ক দৃষ্টি দিয়েনে?

 তেতিয়া ভগৱানে ৱস্সকাৰ অমাত্যক কলে, “হে ব্ৰাক্ষণ, এবাৰ ৱৈশালীত থাকোঁতে মই ৱজ্জীসকলক অভ্যুন্নতিৰ এই সাতোটা নিয়ম সম্বন্ধে উপদেশ দিছিলোঁ। যেতিয়ালৈকে ৱজ্জীসকলে এই নিয়ম আচৰণ কৰি চলে তেতিয়ালৈকে তেওঁলোকৰ উন্নতিহে হব, অৱনতি নহয়।”

 ৱস্সকাৰে কলে, “হে গৌতম, ইয়াৰ এটা নিয়মৰ আচৰণ কৰিলেও ৱজ্জীসকলৰ উন্নতি হব, অৱনতি নহয়, গতিকে এই সাতোটা নিয়ম পালন কৰিলে যে তেওঁলোকৰ উন্নতি হব সেই কথা কোৱাৰ সকাম নাই।”

এই সাতোটা নিয়মৰ ভাষ্য়

 এই সাতোটা নিয়ম সম্বন্ধে বুদ্ধঘোষাচাৰ্য্য় ৰচিত অট্‌ঠকথাৰ সাৰাংশ—