স্বভাৱ নিয়মৰ কথা কোৱা হৈছে তাক ‘মঝ্ জিম নিকায়’ৰ অচ্ছৰিয় অধিভুত ধম্মসুত্ততো (সং ১২৩) পোৱা যায়। বোধিসত্ত্বক বিশেষ মহত্ত্ব দিয়াৰ উদ্দেশ্যে ইয়াৰ ৰচনা কৰা হৈছিল। ইয়াৰে কেৱল—তেওঁৰ মাকে থিয অৱস্থাতেই তেওঁক জন্ম দিছিল আৰু তেওঁ জন্মাৰ সাত দিনৰ পিচতে মাকৰ মৃত্যু হৈছিল—এই দুটাহে বাস্তৱতে ঘটিছিল চাগৈ, বাকী আটাইখিনি কবিৰ কল্পনা যেন লাগে।
তাৰ পিচত ইয়াৰে অগা পিচা কোনো সময়ত সপ্তম অংশটো যুগুত কৰা যেন অনুমান হয। ইয়াক ‘মঝ্ জিম নিকায়’ৰ অৰিয়পৰিয়েসনসুত্ত, নিদানৱগ্গ সংযুক্ত (৬৷১) আৰু ‘মহাৱগ্গ' আৰম্ভনিতো পোৱা যায়। ব্ৰহ্মদেৱৰ প্ৰাৰ্থনা অনুসৰি বুদ্ধই ধৰ্ম্মৰ উপদেশ দিবলৈ আৰম্ভ কৰা বুলি দেখুৱাৰ অভিপ্ৰাযেৰে এই অংশৰ ৰচনা কৰা হৈছে। মই মোৰ 'বুদ্ধ ধৰ্ম্ম আণি সংঘ’ নামৰ পুথিখনৰ প্ৰথম ভাষণতে দেখুৱাই দিছোঁ যে ই হ’ল-মৈত্ৰী, কৰুণা, মুদিতা আৰু উপেক্ষা—এই চাৰিটা মনোবৃত্তিৰ এটা ৰূপক বিশেষ।
ইয়াৰ পিচত হল সেই তিনিটা কাৰেঙৰ উল্লেখ থকা সেই চতুৰ্থ অংশ। ‘অঙ্গুত্তৰ নিকায়’ৰ তিকনিপাত (সুত্ত ৩৮) আৰু ‘মঝ্ জিম নিকায়’ৰ মাগন্দিয় সুত্তত (সং, ৭৫) ইয়াক পোৱা যায়। ইয়াৰ প্ৰথম সুত্তত এই বুলি কোৱা হৈছে, “মই যেতিয়া পিতাৰ ঘৰত আছিলোঁ, তেতিয়া মই থকাৰ বাবে তিনিটা কাৰেং আছিল।” কিন্তু দ্বিতীয় সুত্তত মাথোন এই বুলিহে উল্লেখ কৰা হৈছে, “যুৱাৱস্থাত মই তিনিটা কাৰেঙত আছিলোঁ।” তাত পিতাকৰ উল্লেখ নাই। শাক্যসকলৰ ৰজা ৱজ্জী- সকলৰ সমান ধনী নাছিল, আৰু ৱজ্জীসকলৰ কোনো তৰুণ কুমাৰ এনেদৰে বিলাস আড়ম্বৰত থাকিছিল বুলিও প্ৰমাণ পোৱা নাযায়। ইয়াৰ বিপৰীতে বৰং ওপম্ম সংযুত্তত (ৱগ্গ ১, সুত্ত ৫) এনে ধৰণৰ বৰ্ণনাহে পোৱা যায় যে তেওঁলোক বৰ সৰলভাৱে থাকিছিল আৰু