ৱিপস্সী ভগৱানে নিজৰ মনৰ বিচাৰ তিনিবাৰ প্ৰকাশ কৰিলে। ব্ৰহ্মদেৱেও তিনিবাৰেই তেওঁক সেইদৰেই প্ৰাৰ্থনা জনালোঁ। তেতিয়া ভগৱানে ব্ৰহ্মদেৱৰ প্ৰাৰ্থনাৰ কথা জানিব পাৰি আৰু প্ৰাণীসকলৰ প্ৰতি দযা দয়া থকা হেতুকে বুদ্ধ নেত্ৰেৰে জগতক অৱলোকন কৰিলে। তেতিয়া তেওঁ এনে কিছুমান প্ৰাণী দেখা পালে যাৰ চকুত পৰা ধুলিৰ মাত্ৰা কম, আকৌ কিছুমানৰ চকু হলে ধুলিৰে ভৰি আছে, কিছুমান তীক্ষ্ণ ইন্দ্ৰিয়ৰ, কিছুমান মৃদু ইন্দ্ৰিয়ৰ, কিছুমান ভাল আকাৰৰ, কিছুমান বেয়া আকাৰৰ, কিছুমানক বুজোৱাটো সহজ, কিছুমানক আকৌ বুজোৱাটো কঠিন আৰু কিছুমান এনে ধৰণৰো প্ৰাণী আছে যি পৰলোক আৰু বেয়া কথাবোৰক ভয় কৰে। যিদৰে কোনো পদুমৰ সৰবৰত কিছুমান পদুম পানীত বুৰ গৈ থাকে, কিছুমান আকৌ পানীৰ তলতে কিছুদূৰ ওপৰলৈ উঠি আহে আৰু কিছুমান একেবাৰে পানীৰ ওপৰলৈ উঠি আহে আৰু পানী নোছোৱাকৈ থাকে, বিপস্সী ভগৱানেও তেনেকুৱা ভিন ভিন বিধৰ প্ৰাণী দেখিবলৈ পালে।
আৰু ভিক্ষুসকল, ৱিপস্সী ভগৱানৰ মনৰ সেই ভাৱ জানিব পাৰি ব্ৰহ্মদেৱে তলত দিয়া গাথা কলে-
“যিদৰে পৰ্ব্বতৰ ওপৰৰ পৰা, পৰ্ব্বতৰ টিঙত উঠি ওচৰ কাষৰৰ মানুহক দেখা পোৱা যায়, সেইদৰে হে সুমেধ, ধৰ্ম্মময় প্ৰাসাদত উঠি চতুৰ্দ্দিশ দ্ৰষ্টা তুমি শোকৰহিত হৈ জন্ম আৰু জৰাৰে পীড়িত লোক- সকললৈ লক্ষ্য কৰা।
“হে বীৰ, উঠা! তুমি সংগ্ৰাম জয় কৰিছা। তুমি ঋণমুক্ত সাৰ্থৱাহ। গতিকে জগতত সংচাৰ কৰা।
“ভগৱান, ধৰ্ম্মৰ উপদেশ দিয়া, শুনোতা অৱশ্যে ওলাব।”
আৰু ভিক্ষুসকল, অৰ্হন্, সম্যক্, সম্বুদ্ধ ৱিপস্সী ভগৱানে ব্ৰহ্মদেৱক গাথাৰেই এই বুলি উত্তৰ দিলে-