সাৰথি—ভাল মহাৰাজ!
এই বুলি কৈ সাৰথিয়ে ৰথ লৈ অন্তঃপুৰলৈ উভতি গল। তালৈ গৈ ৱিপস্সী কুমাৰে দুখ আৰু উদ্বিগ্ন মনেৰে ভাবিবলৈ ধৰিলে, ধিক এই জন্ম যাৰ ফলত জৰা উৎপন্ন হয়।
বন্ধুমা ৰজাই সাৰথিক মতাই নি কলে, “মিত্ৰ সাৰথি, কুমাৰৰ মন উদ্যানত প্ৰসন্ন আছিলনে? তেওঁ উদ্যানত আনন্দ পাইছিলনে?”
সাৰথি-নাই, মহাৰাজ!
ৰজা-কিয়? তেওঁ উদ্যানলৈ যাওঁতে কি দেখিছিল?
সাৰথিয়ে সকলো ঘটনা বিবৰি কলে। তেতিয়া বন্ধুমা ৰজাই ৱিপস্সী কুমাৰৰ পঞ্চেন্দ্ৰিয়ৰ সুখ আৰু বঢ়াই দিলে যাতে তেওঁ পৰিব্ৰাজক হবলৈ নিবিচাৰে। ৱিপস্সী কুমাৰো সেই সুখত মগ্ন হৈ গল।
আৰু ভিক্ষুসকল, শ শ হেজাৰ হেজাৰ বছৰৰ পিচত ৱিপস্সী কুমাৰ আকৌ উদ্যানলৈ যাবলৈ ওলাই গল। বাটতে তেওঁ এনে এজন মানুহ দেখিলে যি ৰোগী, পীড়িত, অতিশয় বেমাৰী, নিজৰ শৌচ পেচাবতে পৰি থাকে, আনেহে তেওঁক তুলি দিব লাগে আৰু যাৰ কানি-কাপোৰ আনে ঠিক কৰি দি আছিল। তাকে দেখি তেওঁ সাৰথিক সুধিলে, “এওঁৰ কি হৈছে। এওঁৰ চকু আৰু মাত আনৰ নিচিনা নহয় কিয়?”
সাৰথি-তেওঁ ৰোগী।
ৱিপস্সী-ৰোগীৰ অৰ্থ কি?
সাৰথি-ৰোগীৰ অৰ্থ হল এয়ে যে এনে অৱস্থাত তেওঁৰ আগৰ নিচিনাকৈ আচৰণ কৰাটো কঠিন।
ৱিপস্সী-হে মিত্ৰ সাৰথি, ময়ো জানো এওঁৰ নিচিনাই ব্যাধিধৰ্ম্মী?
সাৰথি-মহাৰাজ, আমি আটায়ে ব্যাধিধৰ্ম্মী।
ৱিপস্সী-তেনেহলে এতিয়া আৰু উদ্যানলৈ যাব নালাগে। অন্তঃপুৰৰ পিনে ৰথ ওভোতাই লোৱা।