ব্জতিত ক্ষত্ৰিয় আৰু গোত্ৰত কৌণ্ডিণ্য আছিল। তেওঁৰ আয়ু আছিল আশী হেজাৰ বছৰ। তেওঁ পাটলী বৃক্ষৰ তলত অভিসম্বুদ্ধ হৈছিল। খণ্ড আৰু তিস্স নামৰ তেওঁৰ দুজন অগ্ৰশ্ৰাৱক আছিল। তেওঁৰ শিষ্যসকলৰ তিনিটা সমুদায় আছিল; তাৰে প্ৰথমটোত আঠষষ্টি লাখ, দ্বিতীয়টোত এলাখ আৰু তৃতীয়টোও আশী লাখ শিষ্য আছিল। অশোক নামৰ ভিক্ষু তেওঁৰ অগ্ৰ উপস্থাযক আছিল, বন্ধুমা নামৰ ৰজা তেওঁৰ বাপেক, বন্ধুমতী নামৰ ৰাণী তেওঁৰ মাক আছিল আৰু বন্ধুমা ৰজাৰ ৰাজধানীৰ নাম আছিল বন্ধুমতী।
২
(১) আৰু ভিক্ষুসকল, ৱিপস্সী বোধিসত্ত্বই তুষিত দেৱলোকৰ
পৰা চ্যুত হৈ, স্তুতিমান জাগ্ৰত হৈ মাতৃৰ উদৰত প্ৰৱেশ কৰিলে।
সিতো তাৰ স্বভাৱ-নিযম নিয়ম।
(২) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্বই তুষিত দেৱলোকৰ পৰা চ্যুত
হৈ মাতৃৰ উদৰত প্ৰৱেশ কৰে, তেতিয়া দেৱ, মাৰ ব্ৰহ্মা, শ্ৰমণ, ব্ৰাহ্মণ
আৰু মনুষ্যেৰে পূৰ্ণ এই সংসাৰত দেৱসকলৰ প্ৰভাৱতকৈ অধিক অপ্ৰমাণ
আৰু বিপুল আলোক প্ৰাদুৰ্ভূত হয়। বিভিন্ন জগতৰ মাজত থকা যি
দেশ সদায় অন্ধকাৰময় আৰু তিমিৰাচ্ছন্ন হৈ থাকে, য'ত অত বিৰাট
প্ৰতাপী আৰু মহানুভৱ চন্দ্ৰসূৰ্য্যৰ প্ৰভাৱ নপৰে, তাতো দেৱসকলৰ
প্ৰভাৱতকৈ অধিক অপ্ৰমাণ আৰু বিপুল পোহবৰ প্ৰাদুৰ্ভাৱ হয়। সেই
দেশত ওপজা প্ৰাণীহঁতে সেই পোহৰত এটাই আনটোক দেখা পাই
জানিব পাৰে যে সিহঁতৰ বাহিৰেও তাত আন আন প্ৰাণী আছে। সি
দহ হেজাৰ সংসাৰৰ সমুদায়ক কঁপাবলৈ ধৰে আৰু সেইবোৰ সংসাৰত
দেৱসকলৰ প্ৰভাৱকো চেৰাই যোৱা অপ্ৰমাণ আৰু বিপুল আলোকৰ
প্ৰাদুৰ্ভাৱ হয়। সি হল স্বভাৱ-নিয়ম।