পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৩৪]

তথাপি আজিও কুশলী মীমাংসক উপনিষদসমূহক বৈদিক বুলি গ্ৰহণ কৰিবলৈ সাজু নহয়।

 যিসকলে পালি-সাহিত্য অথবা তাৰ ইংৰাজী অনুবাদ পঢ়িব পাৰে তেনে লোকৰ বাবে বুদ্ধৰ সমসাময়িক বুৰঞ্জীৰ অনুসন্ধানত এই পুথিযে সহায় কৰিব বুলি মই আশা কৰোঁ। কিন্তু যিসকলৰ তেনে অৱসৰ নহয় তেওঁলোকে যেন তলত দিয়া পাঁচখন পুথি যেনে তেনে পঢ়ি চায়—

 (১) বুদ্ধধৰ্ম্ম আণি সঙ্ঘ, (২) বুদ্ধলীলাৰ সংগ্ৰহ, (৩) বৌদ্ধ সঙ্ঘাচা পৰিচয়, (৪) সমাধি মাৰ্গ, (৫) হিন্দী সংস্কৃতি আণি অহিংসা।

 লোকপ্ৰিয়তা লাভৰ কাৰণে এই পুথি লিখা হোৱা নাই, অকল সত্য অনুসন্ধান কৰাই হল ইয়াৰ মূল লক্ষ্য। গতিকে পুথিখন ৰাইজৰ কিমান ভাল লাগে, সেই সম্বন্ধে আশঙ্কা হয়। তথাপিও প্ৰকাশকে ইয়াক প্ৰকাশ কৰিলে। তাৰ বাবে মই তেওঁৰ ওচৰত বিশেষ কৃতজ্ঞ। —ধৰ্ম্মানন্দ কোসম্বী