পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিনচৰ্য্যা
২৯৯
 


সম্প্ৰদায়ৰ শ্ৰমণ ব্ৰাহ্মণসকল এটা কৌতুহলশালাত[৭] সমবেত হৈছিল। তাত তেতিয়া এই প্ৰশ্ন উঠিছিল যে পূৰণ কস্সপ, মক্খলি গোসাল, অজিত কেসকম্বল, পকুধ কচ্চায়ন, সঞ্জয় বেলপুট্‌ঠ, নিগণ্ঠ শিপুত্ত আৰু শ্ৰমণ গৌতম আদি ডাঙৰ ডাঙৰ সংঘৰ নেতাসকল বৰ্ষাবাসৰ কাৰণে ৰাজগৃহলৈ আহিছে, অঙ্গ-মগধৰ ৰাইজে ইয়াক ডাঙৰ ভাগ্যৰ কথা বুলি ভবা উচিত। কিন্তু এই নেতাসকলৰ ভিতৰত শ্ৰাৱকসকলে কাক উচিত সন্মান কৰে? আৰু তেওঁৰ আশ্ৰয়ত শ্ৰাৱকসকল কিদৰে থাকে?’

 তেতিয়া কোনোবাই কলে, ‘এই পূৰণ কস্সপ খ্যাতনামা নেতা কিন্তু শ্ৰাৱকসকলে তেওঁক মান নকৰে আৰু তেওঁৰ আশ্ৰয়ত থাকিবলৈ ইচ্ছা নকৰে। তেওঁলোকৰ মাজত কাঁজিয়া পেঁচাল হয়।’ তেনেদৰে আন কিছুমানে কলে যে মক্কলিগোসাল আদি নেতাসকলৰ শ্ৰাৱকৰ মাজতো হাই-কাঁজিয়া হয়। শেহত আন কিছুমানে কলে, ‘এই শ্ৰমণ গৌতম প্ৰসিদ্ধ নেতা। তেওঁৰ শ্ৰাৱকসকলে তেওঁৰ যথোচিত সম্মান কৰে, আৰু তেওঁৰ আশ্ৰয়ত থাকে। এবাৰ গৌতমে ডাঙৰ সভা এখনত ধৰ্ম্মোপদেশ দি আছিল। তাত শ্ৰমণ গৌতমৰ এজন শ্ৰাৱকৰ কাঁহ উঠিল। তেওঁৰ ডিঙিত ধৰি এজনে কলে, “ইয়াত গোলমাল নকৰিবা, আমাৰ শান্তাই (গুৰুৱে) ধৰ্ম্মোপদেশ দি আছে।” শ্ৰমণ গৌতমে শ শ লোকৰ পৰিষদত ধৰ্ম্মোপদেশ দিয়াৰ সময়তো তেওঁৰ শ্ৰাৱকসকলৰ হাঁচি বা কাহৰ শব্দকে শুনা নাযায়। অতিশয় আগ্ৰহেৰে তেওঁৰ ধৰ্ম্ম শুনিবলৈ মানুহ ব্যগ্ৰ হৈ থাকে।.....’

 ভগৱান-হে উদায়ি, মোৰ শ্ৰাৱকসকলে মোৰ লগত আদৰেৰে আচৰণ কৰে আৰু মোৰ আশ্ৰমত থাকে। তোমাৰ মতে ইয়াৰ কাৰণনো কি হব পাৰে?

 উদায়ি—মোৰ বোধেৰে ইয়াৰ পাঁচোটা কাৰণ হব পাৰে। সেই ____________________________________

(৭) ^ আলোচনা ভৱন।