পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
ভগৱান বুদ্ধ
 


 তেতিয়া জীৱক কৌমাৰভৃত্যও তাত আছিল। তেওঁলৈ লক্ষ্য কৰি অজাতশত্ৰুৱে কলে, তুমি দেখোন মনে মনে থাকিলা? তেতিয়া জীৱকে কলে, ‘মহাৰাজ, ডাঙৰ ভিক্ষু-সংঘেৰে সৈতে বুদ্ধ ভগৱান আমাৰ আম্ৰবনতে আছে। আজি মহাৰাজে তেওঁৰ লগতে সাক্ষাৎ কৰক। তাৰ ফলত চিত্ত প্ৰসন্ন হব।

 অজাতশত্ৰুৱে যানবাহনৰ দিহা কৰিবলৈ জীৱকক আজ্ঞা দিলে। সেই মতে জীৱকে সকলো ব্যৱস্থা কৰিলে। তেতিয়া ৰজা অজাতশত্ৰুৱে হাতীৰ হাওদাত বহি আৰু অন্তঃপুৰৰ তিৰোতাসকলকো ভিন ভিন হাতীৰ ওপৰত লৈ বিৰাট দলবলেৰে সৈতে বুদ্ধৰ দৰ্শন কৰিবলৈ গল।

 জীৱকৰ আম্ৰবনৰ ওচৰ পালত অজাতশত্ৰুৱে ভয় খাই গল আৰু জীৱকক সুধিলে, হে জীৱক, তুমি মোক ফাকি দিয়া নাইতো! তুমি মোক শত্ৰুৰ হাতত পেলাই দিবলৈ ফন্দি কৰা নাইতো! তুমি দেখোন ইয়াত বৰ বিৰাট ভিক্ষু-সংঘ থকা বুলি কৈছিলা, পিচে ক’তা, এটা হাঁচি বা কাহ বা আন কোন ধৰণৰ সাৰসুৰকে দেখোন শুনিবলৈ পোৱা নাযায়।

 জীৱকে কলে, ‘মহাৰাজ ভয় নাখাব, তয় নাখাব। মই আপোনাক ফাকিও দিয়া নাই, কোনো শত্ৰুৰ হাতত পেলাই দিবলৈকো ফন্দি কৰা নাই। আৰু আগ বাঢ়কচোন। সমুখত মণ্ডলমালত [৪] চাকি জ্বলি আছে। (অৰ্থাৎ অজাতশত্ৰুৰ কোনো শত্ৰুৱে চাকি জ্বলাই বহি থকাটো সম্ভৱ নহয়।)

 হাতী যাব পৰা ঠাইলৈকে হাতীত উঠি গৈ অজাতশত্ৰু মাটিত নামিল আৰু জীৱকৰ আম্ৰবনৰ দুৱাৰলৈকে খোজকাঢ়ি গল। তাত থিয় হৈ তেওঁ জীৱকক সুধিলে, “ভগৱান ক’ত আছে?


(৪)^  মণ্ডলমাল হল তম্বুৰ আকাৰৰ মণ্ডপ, এই মণ্ডপ কাষৰ আন ঠাইতকৈ ওখকৈ

সজোৱা হৈছিল।