মোগ্ গল্লান—এই দুজনা প্ৰসিদ্ধ পৰিব্ৰাজক বুদ্ধৰ শিষ্য হৈ যায় আৰু
তাৰ পিচত বৌদ্ধ-সংঘৰ উন্নতি হবলৈ ধৰে। তেতিয়াৰে পৰা প্ৰায়ে
বুদ্ধ ভগৱানৰ লগত সৰু বা ডাঙৰ ভিক্ষু-সংঘ থাকিবলৈ লয়। ভিক্ষু-
সংঘ লগত লৈয়ে তেওঁ চাৰিকা কৰিছিল। ভগৱানে ভিক্ষু-সংঘক এৰি
থৈ অকলে থকাৰ উপলক্ষ বৰ কমেই আছিল।
জঙ্গম গুৰুকুল-বুদ্ধৰ সময়ত সকলোবোৰ শ্ৰমণ সংঘ আৰু ভাৰ নেতাসকলে এনেদৰেই ঘূৰি ফুৰিছিল। বুদ্ধৰ আগতে আৰু বুদ্ধৰ সময়ত ব্ৰাহ্মণ সকলৰ গুৰুকুল আছিল। তাত উচ্চ জাতিৰ তৰুণ সকলে অধ্যয়ন কৰিছিল। কিন্তু সেই গুৰুকুলবোৰৰ পৰা সাধাৰণ সমাজৰ বৰ কমেই লাভ হৈছিল। ব্ৰাহ্মণসকলে বেদৰ অধ্যয়ন কৰি ৰজাসকলৰ আশ্ৰয় পাইছিল, ক্ষত্ৰিয়সকলে ধনুৰ্ব্বিদ্যা শিকি ৰজাঘৰত চাকৰীত সোমাইছিল আৰু জীৱক কৌমাৰভৃত্যৰ নিচিনা তৰুণে আয়ুৰ্ব্বেদ অধ্যয়ন কৰি উচ্চ জাতিৰ সেৱা কৰিছিল আৰু অৱশেষত ৰজাৰ আশ্ৰয় পাবলৈ চেষ্টা কৰিছিল। কিন্তু শ্ৰমণ সকলৰ গুৰুকুল সমুলি নাছিল। তেওঁলোকে যাত্ৰা কৰাৰ সময়তে শিক্ষা লাভ কৰিছিল আৰু সাধাৰণ ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁলোককে ধৰ্ম্মোপদেশ দিছিল। ইয়াৰ ফলত সাধাৰণ সমাজত তেওঁলোকৰ অতিশয় প্ৰভাৱ পৰিছিল।
ভিক্ষু-সংঘত অনুশাসন-বুদ্ধ ভগৱানৰ ভিক্ষু-সংঘত সুন্দৰ অনুশাসন আছিল। ভিক্ষুসকল নিয়মানুৱৰ্তী হৈ নথকাটো তেওঁ সমূলি ভাল নাপাইছিল। এই সম্বন্ধে ‘চাতুমসুত্ত’ত[১] দিয়া কথা ইয়াত চমুকৈ তুলি দিয়াটো উচিত হব।
ভগৱান বুদ্ধ চাতুমা নামৰ শাক্যসকলৰ এখন গাৱঁৰ আমলকী
- (১)^ 'মঝ্জিমনিকায়', সংখ্যা ৬৭।