পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
ভগৱান বুদ্ধ
 


 ভগৱান-হে উপক, মই পাপকাৰক বৃত্তিবোৰক জয় কৰিছোঁ, গতিকে মই জিন।

 উপকে বুদ্ধৰ মুখশ্ৰীত যি প্ৰসন্নতা দেখা পাইছিল সি অন্তিম মুহূৰ্ত্ত- লৈকে অটুট আছিল বুলি আমি কব পাৰোঁহক।

 সাধাৰণ দিনচৰ্য্যা-বুদ্ধ ভগৱান দোকমোকালিতে জাগি উঠিছিল আৰু তাৰ পিচত হয়তো ধ্যান কৰিছিল, নহলে থকা ঠাইৰ ইফালে সিফালে ঘুৰি ফুৰিছিল। পুৱা তেওঁ ভিক্ষাটনৰ বাবে গাৱঁলৈ গৈছিল। সকলো জাতিৰে পৰা ভিক্ষা কৰি পোৱা ৰন্ধা অন্ন তেওঁৰ ভিক্ষাপাত্ৰত গোট খালে তেওঁ সেইখিনি লৈ গাৱঁৰ পৰা বাহিৰ হৈ গৈছিল আৰু তাৰে আহাৰ কৰি কিছু সময় জিৰণি লোৱাৰ পিচত ধ্যানস্থ হৈ বহিছিল। সন্ধ্যা আকৌ তেওঁ ভ্ৰমণত বাহিৰ হৈছিল আৰু নিশাটো কোনো মন্দিৰ বা ধৰ্ম্মশালাৰ গছৰ তলত যাপন কৰিছিল।

 নিশাৰ তিনি যামৰ প্ৰথম যামত ভগৱানে ধ্যান কৰিছিল অথবা ভ্ৰমণ কৰিছিল। মধ্যম যামত তেওঁৰ নিজৰ দুখন কাপোৰ চাৰি ভাজ কৰি শয্যা পাতিছিল আৰু হাতত মূৰ থৈ সোঁবাগৰ দি সোঁ ভৰিখনৰ ওপৰত বাওঁ ভৰিখন তুলি অতিশয় সাৱধান ভাৱে শুই পৰিছিল।

 সিংহ-শয্যা-বুদ্ধৰ এই শয্যাক সিংহ-শয্যা বোলা হয়। ‘অঙ্গুত্তৰ- নিকায’ৰ চতুক্ক-নিপাতত (সুত্ত ২৪৪) চাৰি প্ৰকাৰৰ শয্যাৰ কথা উল্লেখ কৰা হৈছে—(১) প্ৰেত-শয্যা—চিত হৈ শোৱা মানুহৰ হল এই শয্যা। (২) কামোপভোগি-শয্যা-কামোপভোগকে সুখ বুলি লোৱা মানুহে অধিক ক্ষেত্ৰতে বাওঁপিনে বাগৰদি শোৱে, গতিকে এই শয্যাক কামোপভোগি-শয্যা বোলা হয়। (৩) সিংহ-শয্যা-সোঁ ভৰিৰ ওপৰত বাওঁ ভৰিখন অলপ ওলোমাই তুলি লৈ আৰু মই অমুক সময়ত উঠিম বুলি মনত চিন্তা ৰাখি অতিশয় সাৱধানেৰে সেঁপিনে বাগৰ দি শোৱাকে