পৰিমিত সীমা চেৰাই খোৱা বুলি কোৱাটো সম্পূৰ্ণ দুষ্টবুদ্ধি প্ৰণোদিত
হব। সেই সময়ৰ আগতে তিনি মাহ ধৰি ৱৈশালীত বুদ্ধ ভগৱানৰ বৰ
শকত নৰিয়া হৈছিল আৰু ফলত তেওঁৰ শৰীৰত শক্তি নোহোৱা হৈ
পৰিছিল। চুন্দই দিয়া ভোজন তেওঁৰ পৰিনিৰ্ব্বাণৰ নিমিত্ত কাৰণ হৈ
পৰিছিল মাথোন। সেইবাবে যাতে কোনেও চুন্দ কমাৰৰ ওপৰত
অনুচিত অভিযোেগ নকৰে সেই উদ্দেশ্যে পৰিনিৰ্ব্বাণৰ আগতে ভগৱানে
আনন্দৰ আগতে কৈছিল, “হে আনন্দ, যদিহে কোনোবাই চুন্দ কমাৰক
কয়, “হে চুন্দ, তুমি দিয়া ভিক্ষা গ্ৰহণ কৰি তথাগতৰ পৰিনিৰ্ব্বাণ প্ৰাপ্তি
হৈ গল, তাৰ ফলত তোমাৰ বৰ হানি হব” এইদৰে কোনোবাই যদি
চুন্দক দুখ দিয়ে তেন্তে তুমি এইভাৱে চুন্দৰ দৌৰ্মনস্য নষ্ট কৰিবা—তুমি
তেওঁক কবা, “হে চুন্দ, তোমাৰ পিণ্ডপাত খাই তথাগতৰ পৰিনিৰ্ব্বাণ
প্ৰাপ্তি হৈছে, বাস্তৱতে তোমাৰ এই দান তোমাৰ কাৰণে লাভদায়কেই
হৈছে। আমি তথাগতৰ পৰা শুনিছোঁ যে আনবোৰ ভিক্ষাৰ তুলনাত
তথাগতই পোৱা দুবিধ ভিক্ষা অধিক ফলদায়ক আৰু প্ৰশংসনীয়।
সিনো কি? প্ৰথম হল-সেই ভিক্ষা যাক গ্ৰহণ কৰি তথাগতই সম্বোধি-
জ্ঞান লাভ কৰিছিল আৰু দ্বিতীয় বিধ হল এই ভিক্ষা যাক গ্ৰহণ কৰি
তথাগতৰ পৰিনিৰ্ব্বাণ প্ৰাপ্তি হল। চুন্দই যি কাম কৰিলে তাক আয়ু,
বৰ্ণ, সুখ, যশ, স্বৰ্গ আৰু স্বামিত্ব দিব পৰা কৃত্য বুলি গণ্য কৰিব লাগে।
হে আনন্দ, তোমালোকে এনেদৰে চুন্দৰ দৌৰ্মনস্য় নষ্ট কৰিবাহঁক।”?
পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩২৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
ভগৱান বুদ্ধ
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5c/%E0%A6%AD%E0%A6%97%E0%A7%B1%E0%A6%BE%E0%A6%A8_%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7.djvu/page324-1006px-%E0%A6%AD%E0%A6%97%E0%A7%B1%E0%A6%BE%E0%A6%A8_%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7.djvu.jpg)