প্ৰাণী বধৰ বিৰুদ্ধে অশোকৰ প্ৰচাৰ কাৰ্য্য়—প্ৰাণী বধৰ
বিৰুদ্ধে প্ৰচাৰ কৰোঁতা প্ৰথম ঐতিহাসিক ৰজা হল অশোক। তেওঁৰ
প্ৰথম শিলালিপিত এইদৰে কোৱা হৈছে—
‘এই ধৰ্ম্মলিপি দেৱসকলৰ প্ৰিয় প্ৰিয়দৰ্শী ৰজাই লিখাইছে। এই ৰাজ্যত কোনো প্ৰাণীকে মাৰি হোমহৱণ আৰু মেলা পতা উচিত নহয়, কিয়নো মেলাত দেৱসকলৰ প্ৰিয় প্ৰিয়দৰ্শী ৰজাই বহুতো দোষ দেখে। দেৱসকলৰ প্ৰিয় প্ৰিয়দৰ্শী ৰজাই কিছুমান মেলা ভাল পায়। প্ৰথমতে প্ৰিয়দৰ্শী ৰজাৰ পাকশালাত ৰান্ধিবলৈ হেজাৰ হেজাৰ প্ৰাণী মৰা হৈছিল। যেতিয়াৰ পৰা এই ধৰ্ম্মলিপি লিখা হয়, তেতিয়াৰ পৰা মাথোন তিনিটা প্ৰাণী—দুটা মৰা চৰাই আৰু এটা পহু-মৰা হয়, পহুও সদায় মৰা নহয় আৰু ভৱিষ্যতলৈ এই তিনিটা প্ৰাণীকো মৰা নহব।’
এই লিপিত গৰু বলধৰ উল্লেখ কৰা হোৱা নাই। তাৰ দ্বাৰা অনুমান হয় যে সেই সময়ত ব্ৰাহ্মণেতৰ উচ্চ জাতিৰ মাজত গোমাংসৰ আহাৰ প্ৰায় বন্ধ হৈ গৈছিল। অকল সেয়ে নহয়, অশোক ৰজাই এই- দৰে প্ৰচাৰ কাৰ্য্য চলাইছিল যে অন্নৰ কাৰণেও কোনো প্ৰাণী বধ কৰা উচিত নহয়। মই ‘সমাজ’ শব্দৰ ভাঙনি ‘মেলা’ কৰিছোঁ। কিন্তু সম্পূৰ্ণভাৱে সঙ্গত হোৱা নাই, তথাপি সাধাৰণভাৱে এই ভাঙনিকে গ্ৰহণযোগ্য যেন লাগে। আজিকালি মহাৰাষ্ট্ৰত যিদৰে জত্ৰা (মেলা) আৰু উত্তৰ ভাৰতত মেলা পতা হয়, অশোকৰ সময়তো চাগৈ সেইদৰে ‘সমাজ’ পতা হৈছিল। দেৱী আৰু দেৱতাসকলৰ আগত প্ৰাণী বলি দি বৰ উৎসৱ কৰি ‘সমাজ’ পতাটো অশোকে ভাল নাপাইছিল। যিবোৰ মেলাত প্ৰাণী বলি দিয়া নহৈছিল, তেনে মেলা পতাত অশোকৰ আপত্তি নাছিল। যজ্ঞ বা মেলাত যাতে প্ৰাণী হত্যা কৰা নহয় সেই আছিল
তেওঁৰ মুখ্য উদ্দেশ্য।