পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
ভগৱান বুদ্ধ
 

যোগদান কৰিবলৈ সম্মত হৈছে। এজন সজ্জনে আহি এই কথাটো লাহেকৈ সিংহৰ কাণ চুৱালে। তেতিয়া তেওঁ কলে, ‘ইয়াৰ কোনো অৰ্থ নাই। বুদ্ধৰ বদনাম কৰি নিৰ্গ্ৰন্থসকলে আনন্দ পায়, কিন্তুমই জানি শুনি ভোজৰ বাবে প্ৰাণীহিংসা কৰাটো তেনেই অসম্ভৱ কথা।[৪]

 এনে ধৰণৰ আৰু এটা উদাহৰণ ‘মঝ্জিমনিকায়’ৰ (৫৫শ) “জীৱক সুত্ত’ত পোৱা যায়। সি হল এনে ধৰণৰ—এসময়ত ভগৱান ৰাজগৃহৰ জীৱক কৌমাৰভৃত্যৰ আম্ৰবনত আছিল। তেতিয়া জীৱক কৌমাৰভৃত্য ভগৱানৰ ওচৰলৈ গল, ভগৱানক অভিবাদন কৰি এফালে বহিল আৰু কলে, ‘তদন্ত, আপোনাৰ ওপৰত এই বুলি দোষাৰোপ কৰা হয় যে আপুনি হেনো প্ৰাণী মাৰি ৰন্ধা আহাৰ গ্ৰহণ কৰে, সেইটো জানো সঁচা? ভগৱানে উত্তৰ দিলে, এই দোষাৰোপ সম্পূৰ্ণ মিছা। যেতিয়া মই নিজৰ কাৰণে প্ৰাণী বধ কৰা দেখা পাওঁ, শুনো বা মোৰ তেনে শঙ্কা হয় তেতিয়া মই কওঁ যে সেই আহাৰ নিষিদ্ধ।’

 ইয়াৰ দ্বাৰা স্পষ্টভাৱে দেখা যায় যে জৈনসকলে কিদৰে বুদ্ধৰ ওপৰত দোষাৰোপ কৰিছিল। কেতিয়াবা কোনো মানুহে বুদ্ধ ভগৱানক নিমন্ত্ৰণ কৰি মাংসাহাৰ দি দিলে জৈনসকলে কৈছিল, ‘শ্ৰমণ গৌতমে তেওঁৰ কাৰণে পশু মাৰি ৰন্ধা (উদ্দিস্সকটং) মঙহ খায়!' জৈন সাধুসকলে হলে নিজে কাৰো আমন্ত্ৰণ গ্ৰহণ নকৰিছিল। বাটেৰে যাওঁতে পোৱা ভিক্ষা তেওঁলোকে গ্ৰহণ কৰিছিল আৰু তেতিয়া কোনোবাই তেনে ভিক্ষাত মঙহ দিলে তাক তেওঁলোকেও খাইছিল।

 কিছুমান তপস্বীয়ে মাংসাহাৰ বৰ্জ্জন কৰিছিল—বুদ্ধৰ সমসাময়িক কিছুমান তপস্বীয়ে মাংসাহাৰ নিষিদ্ধ বুলি মানিছিল। তাৰে এজন তপস্বীৰ কাশ্যপ বুদ্ধৰ লগত হোৱা সংবাদ ‘সুত্তনিপাত’ৰ


(৪)^  চাওক, ‘বুদ্ধলীলা সাৰ সংগ্ৰহ’; পৃষ্ঠা ২৭১-২৮১।