এই বুলি কৈ তেখেতে জৈন সুত্ৰবোৰৰ পৰা উদ্ধৃতি শুনাবলৈ আৰম্ভ
কৰিলে। কিন্তু তেওঁৰ বিদ্বান শিষ্য গৰাকীয়ে কথাৰ মোৰ ঘূৰাই এই
আলোচনা বন্ধ কৰি দিলে। মই অৱশ্যে তেখেতক নুসুধিলোঁ যে
তেখেতৰ গুৰুৱে উল্লেখ কৰা কথাৰ পৰা কি প্ৰমাণ পোৱা যায়, কিয়নো
তেনে কৰাটো মোৰ অপ্ৰাসঙ্গিক যেন লাগিল।
মহাবীৰ স্বামীৰ মাংসাহাৰ সম্বন্ধে বাদ-বিবাদ-এতিয়াতো স্বয়ং মহাবীৰ স্বামীয়ে মাংসাহাৰ কৰিছিল বুলি প্ৰচুৰ প্ৰমাণ পোৱা গৈছে। গুজৰাতী ‘প্ৰস্থান’ পত্ৰিকাৰ কাতি মাহৰ সংখ্যা এটাত২ শ্ৰীগোপালদাস জীৱাভাঈ পটেলে ‘শ্ৰীমহাবীৰ স্বামীনো মাংসাহাৰ’ শীৰ্ষক এটা প্ৰৱন্ধ লিখিছিল। তাৰ পৰা এই বিষয়ৰ লগত সম্পৰ্ক থকা কথা খিনি আমি চমুকৈ ইয়াতে তুলি দিলোঁ-
মহাবীৰ স্বামী শ্ৰাৱস্তী নগৰীত আছিল। মক্খলি-গোসালো তাত গৈ উপস্থিত হৈছিল। তাত তেওঁলোক দুয়োজনে নিজৰ নিজৰ জিনত্বৰ বিৰুদ্ধে কঠোৰ টীকা কৰিবলৈ আৰম্ভ কৰিলে। শেহত গোসালে মহাবীৰ স্বামীক এই বুলি শাপ দিলে, ‘মোৰ তপোবলত তুমি ছমাহৰ পিচত পিত্ব-জ্বৰত মৰিবা।’ তেতিয়া মহাবীৰ স্বামীয়ে ওলোটাই শাপ দিলে, ‘তুমি আজিৰ পৰা সাত দিনৰ দিনা নিশা মৰি যাবা। এইদৰে সপ্তম নিশা গোসালৰ মৃত্যু হল, কিন্তু তেওঁৰ প্ৰভাৱত মহাবীৰ স্বামীৰ গা বৰকৈ জ্বলিবলৈ ধৰিলে আৰু তেজ-হাগনি আৰম্ভ হল।
তেতিয়া মহাবীৰ স্বামীয়ে সিংহ নামৰ শিষ্য এজনক কলে, ‘তুমি মেংঢ়িক গাৱঁৰ ৰেৱতী নামৰ তিৰোতা গৰাকীৰ ওচৰলৈ যোৱা। তেওঁ মোৰ বাবে দুজনী পাৰ চৰাই ৰান্ধি ৰাখিছে। সেয়া মোক নালাগে।(২) সংবৎ ১৯৯৫, বছৰ ১৪, সংখ্যা ১।