পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাংসাহাৰ
২৭৩
 

অভিহট্‌টু অন্তো পডিগ্‌গহগংসি বহু অট্‌ঠিয়ং মংসং পৰিভাএত্তা ণিহট্ট দলএজ্জা, তহপ্পগাৰং পডিগ্‌গহণং পৰ হৎখংসি ৱা পৰ পায়ংসি ৱা অফাসুয়ং অণেসণিজ্জং লাভে ৱি সন্তে ণো পডিগাহেজ্জা। সে আহচ্চ পডিগাহিএ সিয়াতিং ণোহিত্তি ৱএজ্জা, অণোৱত্তি ৱএজ্জা। সে ত্তমায়ায় এগংতমৱক্কমেজ্জা। অৱক্কমেত্তা অ হে আৰামংসি বা অ হে উৱস্‌সয়ংসি বা অপ্পডংএ জাৱ সন্তাণএ মংসগং মচ্ছ্বগং ভোচ্চ অট্‌ঠিয়াইং কংটএ গহায় সে ত্তমায়াফ এগংতমৱক্কমেজ্জা। অৱকমেজ্জা অহেজ্‌ঝামথং ডিলংসি ৱা অট্‌ঠিৰাসিংসি ৱা কিট্‌ঠাৰাসিংসি ৱা তুলৰাসিংসি ৱাগোময়- ৰাসিংসি ৱা অন্নযৰংসি বা তহপ্পগাংৰসি থংডিলংসি পডিলেহিয় পডিলে- হিয় পমজ্জিয় পমজ্জিয় তও সংজযামেৱ পমজ্জিয় পমজ্জিয় পৰিৱেজ্জা।
 অৰ্থাৎ ‘আকৌ সেই ভিক্ষু বা ভিক্ষুণীয়ে বৰ বেচি হাড় থকা মঙহ বা বৰ বেচি কঁইটীয়্ মাছ পালে বুজিব পাৰিব যে তাত খাবলগীয়া বস্তু কম আৰু পেলাই দিবলগীয়া বস্তু অধিক। এইদৰে বৰ বেচি হাড় থকা মঙহ বা বৰ বেচি কাঁইটীয়া মাছ পালে তেওঁলোকে তাক লোৱা উচিত নহয়। সেই ভিক্ষু বা ভিক্ষুণী গৃহস্থৰ ঘৰলৈ ভিক্ষা লবলৈ গলে গৃহস্থই কব: “হে আয়ুষ্মান শ্ৰমণ, এই বৰ বেচি হাড় থকা মঙহ খিনি লবলৈ ইচ্ছা কৰা নে?” তেনে কথা শুনিলে তেওঁ প্ৰথমতেই কৈ দিব, “হে আয়ুষ্মান, (তিৰোতা হলে) হে ভনী, অত বেচি হাড় থকা মঙহ লোৱাটো মোৰ পক্ষে শোভা নাপায়। তোমাৰ ইচ্ছা হলে মোক অকল মঙহহে দিয়া, হাড় নিদিবা।” এইদৰে কোৱাতো যদি সেই গৃহস্থই আগ্ৰহেৰে সৈতে তাকে দিবলৈ সাজু হয়, তেন্তে তাক অযোগ্য বুলি ভাবি গ্ৰহণ কৰিব নালাগে। যদি তেওঁ তাক পাত্ৰত দি দিয়ে তেন্তে তাক লৈ তেওঁ আন ফালে গুচি যাব লাগে আৰু প্ৰাণীৰ কণী তেনেই কম থকা কোনো আৰাম বা উপাশ্ৰমৰ কোনো এঠাইত বহিব লাগে

আৰু অকল মঙহ আৰু মাছখিনি খাই হাড় আৰু কাইটবোৰ লৈ আন

 ১৮