সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৯ ]

লোকৰ কাল নিৰ্ণয় কৰাৰ বাবে বিদ্বানসকলে ভালেমান পৃষ্ঠাৰ খৰচ কৰিবলগীয়া হয়, এই পুথিত হলে তাক কৰা হোৱা নাই।

 এই সম্বন্ধে মোৰ বক্তব্য এয়ে যে মধ্যযুগৰ কবি আৰু গ্ৰন্থকাৰসকল শক প্ৰতিষ্ঠাতা (নিজৰ সম্বতৰ প্ৰৱৰ্ত্তক) নাছিল, গতিকে তেওঁলোকৰ জন্মতিথি সম্পৰ্কে লাগিলে যিমানেই বাদ-বিবাদ কৰা নহওক, তথাপি তাক সুনিশ্চিতভাৱে ধাৰ্য্য কৰিব পৰা যাব বুলি অনুমান নহয়। কথা হলে তেনে নহয়। তেওঁৰ পৰিনিৰ্বাণৰ পৰা আজিকোপতি তেওঁৰ নামৰ শক (সম্বৎ ) চলি আছে। কিছুদিনৰ আগতে পছিমীয়া পণ্ডিত সকলে বাদ-বিবাদ চলাই এই তিথি সম্বন্ধে ৫৬ বছৰৰ পৰা ৬৫ বছৰলৈকে পাৰ্থক্য থকা বুলি প্ৰমাণ কৰিছিল; কিন্তু শেহান্তৰত গৈ সিংহল দ্বীপত চলি অহা পৰম্পৰাই নিৰ্ভৰযোগ্য বুলি প্ৰমাণিত হল। ধৰি লওক, বুদ্ধৰ জন্মতিথি সম্বন্ধে কেইবছৰমান ইফাল সিফাল হলেই যেনিবা, তথাপিও তেওঁৰ জীৱন চৰিত্ৰৰ কোনো মৰ্যাদা ক্ষুন্ন নহয়। আচল ডাঙৰ কথা জন্মতিথি নহয়, বৰং বুদ্ধৰ জন্মৰ আগেয়ে কি অৱস্থা আছিল আৰু তেওঁ কিদৰে নতুন ধৰ্ম্মমাৰ্গৰ সন্ধান পালে সেইটোহে অধিক গুৰুত্বপূৰ্ণ কথা। যদিহে তেতিয়াৰ সেই অৱস্থা সম্বন্ধে ভালদৰে বিশ্লেষণ কৰিব পৰা যায়, তেন্তে আজিকালি বুদ্ধ সম্বন্ধে চলি থকা ভালেমান ভুল কল্পনা নাইকিয়া হব আৰু সেই সময়ৰ ইতিহাসো আমি ভালদৰে বুজিব পাৰিমহঁক। গতিকে তিথিৰ আলোচনাত অধিক পৃষ্ঠা খৰচ নকৰি মই এই কথাৰ ওপৰত অধিক ধ্যান দিছো যাতে বুদ্ধৰ চৰিত্ৰ সম্বন্ধে আলোকপাত কৰিব পৰা যায়।

 (২) ভালেমান লোকে এই মতৰ প্ৰতিপাদন কৰে যে বুদ্ধই শিকোৱা অহিংসাৰ ফলত ভাৰতীয় সমাজ নাস্তিক হৈ যায় আৰু সেই কাৰণেই বিদেশীৰ হাতত হাৰিব লগীয়া হয়। এই সম্বন্ধে এই পুথিত কিবা উত্তৰ দিয়াটো উচিত আছিল।