পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
ভগৱান বুদ্ধ
 

তেওঁলোক ব্ৰহ্মদেৱৰ দায়াদ।” হে গৌতম, এই সম্বন্ধে আপোনাৰ মত কি?'
 ভগৱান—হে আশ্বলায়ন, ব্ৰাহ্মণৰ তিৰোতসকলো ঋতুমতী হয়, গৰ্ভধাৰণ কৰে, ল’ৰা-ছোৱালীক জন্ম দিয়ে আৰু সিহঁতক পিয়াহ খুৱায়। এইদৰে ব্ৰাহ্মণৰ সন্তান-সন্ততিও আন আন বৰ্ণৰ সন্তান-সন্ততিৰ নিচিনাকৈ মাকৰ পেটৰ পৰা ওপজে, তথাপিও ব্ৰাহ্মণে যদি কয় যে তেওঁলোক ব্ৰহ্মদেৱৰ মুখৰ পৰা উৎপন্ন হৈছে, সি জানো আচৰিত কথা নহয়?
 আশ্ব—হে গৌতম, আপুনি লাগিলে যিযেই নকওক, তথাপি ব্ৰাহ্মণ সকলৰ এইটো দৃঢবিশ্বাস যে তেওঁলোক ব্ৰহ্মদেৱৰ উত্তৰাধিকাৰী।
 ভগৱান-হে আশ্বলায়ন, যৌন, কাম্বোজ আদি সম্ভ্ৰান্ত প্ৰদেশত আৰ্য্য আৰু দাস এই দুটা জাতিহে আছে আৰু কেতিয়াবা কেতিয়াবা তাত আৰ্য্যৰ পৰা মানুহ দাস হয় আৰু দাসৰ পৰা আৰ্য্য হয়। তুমি এই কথা শুনিছানে?
 আশ্ব—হয়, মই সেই কথা শুনিছোঁ।
 ভগৱান—যদি তেনেকুৱাই হয়, তেন্তে ব্ৰহ্মদেৱে ব্ৰাহ্মণসকলক নিজৰ মুখৰ পৰা সৃষ্টি কৰিছে আৰু তেওঁলোক আন সকলো বৰ্ণতকৈ শ্ৰেষ্ঠ বুলি কোৱাৰ কি ভেটি হব পাৰে?
 আশ্ব —আপুনি লাগিলে যিয়েই নকওক, তথাপি ব্ৰাহ্মণসকলৰ এইটো দৃঢ় বিশ্বাস যে কেৱল ব্ৰাহ্মণহে শ্ৰেষ্ঠ আৰু আন বৰ্ণবোৰ হীন।
 ভগৱান—বাৰু, ধৰিলোৱা যদি কোনো ক্ষত্ৰিয়, বৈশ্য বা শূদ্ৰই প্ৰাণীহত্যা, চুৰি, ব্যভিচাৰ, অসত্য ভাষণ, কুট-চৰ্চ্চা, গালি-গালাজ, বৃথা প্ৰলাপ কৰে, আনৰ ধনৰ প্ৰতি লোভ কৰে, দ্বেষ বুদ্ধি বঢ়ায়, আৰু নাস্তিকতা বঢ়ায়, তেন্তে দেহত্যাগ কৰাৰ পিচত অকল তেওঁহে নৰকলৈ যাব বুলি তুমি বিবেচনা কৰানে? আৰু কোনো ব্ৰাহ্মণে যদি এই কুকৰ্ম্ম-

বোৰ কৰে তেন্তে তেওঁ নৰকলৈ নাযাবনে?