লিঙ্গৰ শব্দ এটা স্বীকাৰ কৰি লব লগীয়াত পৰিল আৰু প্ৰায় আটাইবোৰ
উপনিষদতে এই ব্ৰহ্মশব্দকেই বিশেষ মহত্ব দিয়া হৈছে।
ব্ৰহ্মৰ পৰা বা আত্মাৰ পৰা সংসাৰ উৎপত্তি কিদৰে হল সেই সম্বন্ধে ‘বৃহদাৰণ্যক উপনিষদ’ত এটা কল্পনা পোৱা যায়। এই কল্পনা হল এই ধৰণৰ :
আত্মৈৱেদমগ্ৰ আসীৎ পুৰুষবিধঃ••••••স ৱৈ নৈৱ ৰেমে তস্মাদেকাকী ন ৰমতে। স দ্বিতীয়মৈচ্ছৎ। স হৈতাৱানাস যথা স্ত্ৰী পুমাংসৌ সংপৰিষ্ বক্তৌ। স ইমমেৱাত্মানং দ্বেধা পাতয়ত্ততঃ পতিশ্চ পত্নী চাভৱতাং তম্মাদিদমৰ্ধবৃগলমিৱ স্ব ইতি।
অৰ্থাৎ ‘পোন পহিলতে মাথোন পুৰুষৰূপী আত্মাহে আছিল। তেওঁৰ মন নবহিল। গতিকে মানুহে অকলে আনন্দ নকৰে। তেওঁ আন এজনক বিচাৰিবলৈ ধৰিলে আৰু যিদৰে মুনিহ-তিৰোতাই এজনে আনজনক আঁকোৱালি ধৰে, তেৱোঁ তেনেকৈ থাকিল। তেওঁ নিজকে দ্বিধা কৰিলে। ইয়াৰ ফলত পতি আৰু পত্নীৰ সৃষ্টি হল। ইয়াৰ ফলত শৰীৰ (দ্বিদল ধান্যৰ) দলৰ নিচিনা হল।[১৭]
এতিয়া বাইবেলৰ[১৮]দ্বিতীয় অধ্যাযত দিয়া উৎপত্তিৰ কথালৈ লক্ষ্য কৰক।
‘তেতিয়া পৰমেশ্বৰদেৱে ভূমিৰ মাটিৰে মানুহ গঢ়িলে -তেতিয়া দেৱে আদমৰ (সেই মানুহজনৰ) ওপৰত গভীৰ নিদ্ৰা পেলাই দিলে আৰু তেওঁৰ কামিহাড উলিয়াই তাৰ পৰা তিৰোতাৰ সৃষ্টি কৰিলে .............. ইয়াৰ ফলত পুৰুষে নিজৰ বাপেক-মাকক এৰি নিজৰ তিৰোতাৰ লগত সাঙোৰ খাই থাকিব, তেওঁলোকৰ দেহ একেটা হব।’
এই দুটা উৎপত্তিৰ বিৱৰণত কিমান প্ৰভেদ! ইয়াত দেৱতাই