সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
ভগৱান বুদ্ধ
 


কথাৰ চৰ্চ্চা কৰিলে জটিলতাৰহে সৃষ্টি হয়। জগতত অপাৰ দুখ আৰু মনুষ্য জাতিৰ তৃষ্ণাৰ বাবে সি উৎপন্ন হয় কাৰণে অষ্টাঙ্গিক মাৰ্গৰ দ্বাৰা তৃষ্ণা নিৰোধ কৰি সংসাৰত সুখ-শান্তি স্থাপন কৰাটো প্ৰতিজন লোকৰে কৰ্ত্তব্য। এয়ে পোনপটীয়া মাৰ্গ আৰু ইয়েই ভগৱান বুদ্ধৰ দৰ্শন।


ঈশ্বৰবাদ

 ভগৱান বুদ্ধই ঈশ্বৰ নামানিছিল বুলি কিছুমান লোকে ধাৰণা কৰে। কিন্তু বৌদ্ধ-সাহিত্য আৰু প্ৰাচীন উপনিষদ পঢ়িলে দেখা যায় যে এইৰূপ ধাৰণাত কোনো তথ্য নাই। তথাপি মানুহৰ মনত থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে বুদ্ধৰ সমসাময়িক ঈশ্বৰবাদ সম্বন্ধে আলোচনা কৰাটো উচিত হব।

 ‘অঙ্গুত্তৰনিকায়’ৰ তিক-নিপাত (সুত্ত সং ৬১) আৰু ‘মঝজিম- নিকায়’ৰ দেৱদহত (সুত্ত সং ১০১) ‘ঈশ্বৰ’ শব্দটোৰে উল্লেখ পোৱা যায়। তাৰে প্ৰথম সুত্তটোত ঈশ্বৰ সম্বন্ধে তলত দিয়া বৰ্ণনা পোৱা যায়—

 ভগৱানে কয়, “হে ভিক্ষুসকল, যি মানুহে এই বুলি কয আৰু বিশ্বাস কৰে যে মনুষ্য প্ৰাণীয়ে যিবোৰ সুখ, দুখ আৰু উপেক্ষা ভোগ কৰে সেই সকলোবোৰেই ঈশ্বৰৰ সৃষ্টি ( ইসৰ নিম্মান হেতু) তেনে মানুহক মই সোধোঁ যে সেয়ে জানো তেওঁৰ মত? আৰু যেতিয়া “হয়” বুলি কয় তেতিয়া মোৰ প্ৰশ্ন হল যে তুমি যদি ঈশ্বৰৰ দ্বাৰা সৃষ্ট হৈও প্ৰাণঘাতী, চোৰ, অব্ৰহ্মচাৰী, অসত্যবাদী, টুটকীয়া, গালি-গালাজ কৰোঁতা, মিথ্যা বলকা, আনৰ ধনৰ প্ৰতি লোভী, হিংসাকুৰীয়া আৰু মিথ্যাদৃষ্টিক হৈ পৰিলা? হে ভিক্ষুসকল, এই সকলোবোৰ ঈশ্বৰে কৰাটোকে সত্য বুলি মানি ললে সৎকৰ্ম্মৰ প্ৰতি অনুৰাগ আৰু উৎসাহ নাথাকিব, এইটোও বুজিব পৰা নাযাব যে অমুকটো কৰা উচিত বা তমুকটো কৰা অনুচিত।”