পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
ভগৱান বুদ্ধ
 


 বুদ্ধ ভগৱান তেতিয়া শ্ৰাৱস্তীৰ অনাথপিণ্ডিকৰ আশ্ৰমত আছিল। এদিনাখন মালুংক্যপুত্ত নামৰ এজন ভিক্ষু তেওঁৰ ওচৰলৈ গল আৰু নমস্কাৰ কৰি এফালে বহিল। তাৰ পিচত ভগৱানক সম্বোধন কৰি কলে, ‘ভদন্ত, অকলশৰে বহি বহি মোৰ মনত এই বিচাৰ উপস্থিত হৈছে যে ভগৱানে এইবোৰ প্ৰশ্নৰ ভালদৰে ব্যাখ্যা কৰা নাই—জগৎ শাশ্বত নে অশাশ্বত? শৰীৰ আৰু আত্মা এক নে ভিন্ন? তথাগতৰ বাবে মৃত্যুৰ পিচত জন্ম আছে নে নাই? আদি। গতিকে মই ভগৱানকে এই প্ৰশ্নবোৰ সুধিবলৈ বিচাৰো আৰু যদিহে ভগৱানে এই প্ৰশ্নবোৰৰ আউল ভাঙি দিব পাৰে তেন্তে মই ভগৱানৰ শিষ্য-শাখাত থাকিম। আৰু যদিহে ভগৱানে এই প্ৰশ্নবোৰৰ মীমাংসা কৰি দিব নোৱাৰে তেন্তে তেওঁ সেই কথা স্পষ্টভাৱে জনাই দিব লাগে।

 ভদন্ত-হে মালুংক্যপুত্ত, মই জানো কোনো দিনে তোমাক কৈছোঁ যে তুমি মোৰ শিষ্য হলে মই এই প্ৰশ্নবোৰৰ ব্যাখ্যা কৰি দিম?

 মালুংক্যপুত্ত—নাই কোৱা, ভদন্ত।

 ভদন্ত -বাৰু, তুমিযে জানো কেতিয়াবা মোক কৈছা যে এই প্ৰশ্ন- বোৰৰ মীমাংসা কৰি দিলে মই ভগৱানৰ ভিক্ষু-সংঘত প্ৰৱেশ কৰিম?

 মালুংক্যপুত্ত—নাই কোৱা, ভদন্ত।

 ভদন্ত—তেন্তে এতিয়া এই প্ৰশ্নবোৰৰ ব্যাখ্যা নহলে মই ভগৱানৰ শিষ্য নহওঁ বুলি কবলগীয়া নো কিয় হল?

 ‘হে মালুংক্যপুত্ত, যদি কোনো মানুহৰ শৰীৰত বাণৰ বিহলগা শল্য সোমাই যোৱাৰ ফলত ছটফটাবলৈ ধৰে তেতিয়া তেওঁৰ বন্ধু-বান্ধৱসকলে শল্য-ক্ৰিয়া কৰা বৈদ্যক মতাই নিয়ে। কিন্তু যদি সেই ৰোগীজনে কয়, “এই তীৰ কোনে মাৰিলে সেই প্ৰশ্নৰ উত্তৰ নোপোৱালৈকে মই শল্যত হাতকে লগাবলৈ নিদিওঁ। মাৰোতাজন ব্ৰাহ্মণ নে ক্ষত্ৰিয়? বৈশ্য নে শূদ্ৰ? কলা আছিল নে বগা আছিল? তেওঁৰ ধেনুখন কেনে ধৰণৰ