পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৮৭
 


বেচি দিনলৈ নাথাকিল। আধুনিক বৈশেষিক দৰ্শনৰ চাগৈ তেওঁৰ তত্বজ্ঞানৰ পৰাই উদ্ভৱ হৈছে, কিন্তু তেনে ধৰণৰ তত্ত্ব-জ্ঞান মানোতা শ্ৰমণ-সম্প্ৰদায় বুদ্ধ-কালৰ পিচত আৰু নথকা যেন অনুমান হয়।

 ৱিক্ষেপৱাদ আৰু স্যাদৱাদ—সঞ্জয় বেলটুঠপুত্তৰ ৱিক্ষেপৱাদ জৈনসকলৰ স্যাদৱাদৰ নিচিনা লাগে আৰু পিচলৈ গৈ জৈনসকলে তেওঁৰ মতবাদ নিজৰ দৰ্শনত সামৰি লয়। ‘এনে হব, এনে নহব’ ( স্যাদস্তি স্যান্নাস্তি -বোধহয হয়, বোধ হয় নহয়) আদিয়ে হল স্যাদৱাদ আৰু ওপৰত উল্লেখ কৰা বেলটঠপুত্তৰ ৱিক্ষেপৱাদৰ লগত তাৰ বিশেষ অন্তৰ নাই। গতিকে জৈন-সম্প্ৰদায়ে যে ৱিক্ষেপৱাদকে নিজৰ প্ৰধান দৰ্শন কৰি লৈছিল সেই বুলি কোৱাত আপত্তি উঠিব নোৱাৰে।

 নিগ্ৰন্থ আৰু আজীৱক—জৈন-গ্ৰন্থ সমূহৰ পৰা জানিব পৰা যায় যে বুদ্ধৰ সমসাময়িক জৈনসকলৰ চতুৰ্ব্বিংশ তীৰ্থঙ্কৰ মহাবীৰ স্বামী (যাক নিগণ্ঠ নাথপুত্ত বোলা হয়) আৰু মক্খ‌লি গোসালে একেলগে ছ বছৰ কাল ধৰি তপস্যা কৰিছিল। গতিকে বোধহয় তেওঁলোক এই চেষ্টাও কৰিছিল যাতে আজীৱক আৰু নিগ্ৰন্থসকলৰ একেটা সম্প্ৰদায় সংগঠন কৰিব পৰা যায়। পাৰ্শ্বমুনিৰ সন্নাসীয়ে নিজৰ লগত এখন বা তিনিখন কাপোৰ ৰাখিছিল। কিন্তু মহাবীৰ স্বামীয়ে মকখলি গোসালৰ দিগম্বৰ ব্ৰত মানি লৈছিল আৰু তেতিয়াৰে পৰা নিৰ্গ্ৰন্থসকল নিৰ্বস্ত্ৰ হৈ যায় কিন্তু নিৰ্গ্ৰন্থ আৰু আজীৱকসকলৰ দৰ্শনৰ হলে মিলন হব নোৱাৰিলে। যদি মহাবীৰ স্বামীয়ে চৌৰাশী লাখৰ দৰ্শন স্বীকাৰ কৰি ললেহেঁতেন তেন্তে নিৰ্গ্ৰন্থসকলৰ পৰম্পৰাত প্ৰচলিত চাতুৰ্যামৰ কোনো মহত্ব নাথাকিলহেঁতেন। যদিহে এইটো মানি লোৱা যায় যে নিয়তি (ভাগ্য), সংগতি (পৰিস্থিতি) আৰু স্বভাৱৰ হেতুকে প্ৰাণী পৰিণত হয় তেন্তে অহিংসা, সত্য, অস্ত্যেয়