পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আত্মবাদ
১৮৫
 


আহিছে যে চৌৰাশী লাখ জন্ম লৈ প্ৰাণীৰ উন্নত অৱস্থা প্ৰাপ্তি হয়। মক্‌খলি গোসালৰ সময়ত এই ধাৰণা বৰ ব্যাপকভাৱে প্ৰচলিত আছিল যেন অনুমান হয়।

 ‘অঙ্গুত্তৰনিকায়’ৰ ছক্কনিপাতৰ এটা সুত্তৰ (সং ৫৭) পৰা দেখা যায় যে পিচলৈ গৈ পূৰণ কাশ্যপৰ সম্প্ৰদায় মক্‌খলি গোসালৰ আজীৱক পন্থৰ লগত চামিল হৈ যায়। উক্ত সুত্তত আনন্দই ভগৱানৰ আগত কয়, ‘ভদন্ত, পূৰণ কস্‌সপে কৃষ্ণ, নীল, লোহিত, হৰিদ্ৰ, শুক্ল আৰু পৰমশুক্ল এই ছয় প্ৰকাৰৰ অভিজাতিৰ কথা বৰ্ণনা কৰিছে। বধিক, ব্যাধ আদি লোকক কৃষ্ণাতিজাতিৰ বুলি ধৰা হয়। ভিক্ষু আদি কৰ্ম্মবাদী লোকক নীল জাতিৰ, একেখন বস্ত্ৰ পিন্ধা নিৰ্গ্ৰন্থসকলক লোহিতাভিজাতিৰ, শুভ বস্ত্ৰ পিন্ধা অচেলক শ্ৰাৱকক (আজীৱকক) হৰিদ্ৰাভিজাতিৰ, আজীৱক আৰু আজীৱক ভিক্ষুনীকে শুক্লাভিজাতিৰ আৰু নন্দবচ্ছ, কিস্‌সংকিচ্চ আৰু মক্‌খলি গোসালক পৰম শুক্লাভিজাতিৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইযাৰ পৰা স্পষ্টভাৱে দেখা যায যে পুৰণ কস্স‌প আৰু আজীৱকৰ সম্প্ৰদায় একেটা হৈ পৰিছিল। নন্দ, ৱচ্চ আদি তিনিজন আচাৰ্য্য আজীৱক পৰম্পৰাৰ নেতা আছিল। ইয়াৰ পৰা এইটোও প্ৰমাণ হয় যে কস্‌সপ আৰু তেওঁলোকৰ আত্মবাদৰ মাজত কোনো ব্যৱধান নাছিল আৰু কস্‌সপেও তেওঁলোকৰ দেহ-দণ্ডনৰ মাৰ্গ সমৰ্থন কৰিছিল।

 অজিত কেসকম্বলৰ নাস্তিকৱাদ—অজিত কেসকম্বলৰ উচ্ছেদ- ৱাদলৈ লক্ষ্য কৰিলেই দেখা যায় যে তেওঁ সম্পূৰ্ণ নাস্তিক আছিল। তেওঁ ‘সৰ্ব-দৰ্শন-সংগ্ৰহ’ত পোৱা চাৰ্ব্বাক মতৰ সংস্থাপক নাছিল, কিন্তু তাৰ হলে অৱশ্যে তেওঁ অন্যতম সমৰ্থক আছিল। যি দৰে তেওঁ ব্ৰাহ্মণ- সকলৰ যাগ-যজ্ঞ ভাল নাপাইছিল, তেনেদৰেই তেওঁ আজীৱক আদি