সাঁচী আৰু ভৰহুত স্তূপৰ ওচৰে কাষৰে খোদিত কৰা আছে। ইয়াৰ পৰা অনুমান হয় যে অশোকৰ সময়ত জাতকৰ ভালেমান কথাই বৌদ্ধ সাহিত্যত ঠাই পাইছিল।
অদ্ভুত ধম্ম অৰ্থ হল অদ্ভুত চমৎকাৰ। বোধ হয় সেই সময়ত এনে কোনো পুথিৰ প্ৰচলন আছিল য’ত বুদ্ধ ভগৱান আৰু তেওঁৰ প্ৰমুখ শ্ৰাৱকসকলে কৰা অদ্ভুত চমৎকাৰৰ বৰ্ণনা কৰা আছিল। কিন্তু এতিয়া এই অদ্ভুত ধৰ্ম্মৰ কোনো চিন মোকাম পোৱা নাযায। বোধহয় ইয়াৰ আটাইখিনিয়ে বৰ্তমানৰ ‘সুত্তপিটক’ৰ লগত চামিল হৈ গৈছে। বুদ্ধ- ঘোষাচাৰ্য্যৰ বাবে অদ্ভুতধৰ্ম্ম সম্বন্ধে বৰ্ণনা কৰাটো কঠিন হৈ পৰিছিল। তেওঁ কয় “চত্তাৰো মে ভিকৃখৱে অচ্ছৰিয়া অব্ভুতা ধম্মা আনন্দেতি আদিনয়পৱত্তা সব্বে পি অচ্ছাৰিয়ব্ভুত ধম্ম পটিসংযুত্তা সুত্তন্তা অব্ভুত ধম্মং তি ৱেদিতব্বা।” অৰ্থাৎ “হে ভিক্ষুসকল, এই চাৰিবিধ আশ্চৰ্য্য অদ্ভুত ধৰ্ম্ম আনন্দেৰে বিৰাজ কৰে—আদি প্ৰকাৰেৰে, অদ্ভুত ধৰ্ম্মেৰে আৰম্ভ হোৱা আশ্চৰ্য্য অদ্ভুত ধৰ্ম্মেৰে যুক্ত সকলে সুত্তকে ‘অব্ভত ধম্ম' বুলি বুজা উচিত। কিন্তু এই অব্ভুত ধৰ্ম্মৰ লগত মুল অব্ভুত ধম্ম গ্ৰন্থৰ কোনো ৰূপ সম্পৰ্ক দেখা নাযায়।
‘মজ্ঝিম নিকায়’ত মহাৱেদল্ল আৰু চুলৱেদল্ল নামৰ দুটা সূত্ৰ আছে, তাৰপৰাই ৱেদল্লপ্ৰকৰণ কেনে হব পাৰে তাৰ অনুমান কৰিব পৰা যায়। তাৰে প্ৰথম সূত্তত মহাকোট্ঠিতে সাৰিপুত্ৰৰ ওচৰত প্ৰশ্ন কৰে আৰু সাৰিপুত্ৰই তাৰ যথাযথ উত্তৰ দি যায়। আনটো সূত্ৰত ধন্মদিন্না ভিক্ষুণী আৰু তেওঁৰ পূৰ্ব্বাশ্ৰমৰ পতি বিশাখৰ অনুৰূপ প্ৰশ্নোত্তৰ হিচাপে সংবাদ দিয়া হৈছে। এই দুয়োটা সূত্ত বুদ্ধভাষিত নহয়, কিন্তু এনেধৰণৰ সংবাদকে ‘ৱেদল্ল’ কোৱা হৈছিল। এনে অনুমান হয় যে শ্ৰমণ, ব্ৰাহ্মণ আৰু আন লোকৰ লগত বুদ্ধ ভগৱানৰ যি সংবাদ হৈছিল, তাক বেলেগে সংগ্ৰহ কৰা হৈছিল আৰু তাৰে নাম দিয়া হৈছিল ‘ৱেদল্ল'।