পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 



আত্মবাদ

 
আত্মবাদী শ্ৰমণ

 ‘নিৱাপসুত্ত’ত বুদ্ধৰ সমসাময়িক শ্ৰমণ ব্ৰাহ্মণক, থূলমূল ভাৱে চাৰিটা শ্ৰেণীত ভগোৱা হৈছে। তাৰে প্ৰথম শ্ৰেণীৰ ব্ৰাহ্মণসকল হল যাগযজ্ঞ কৰি সোমপান কৰা ব্ৰাহ্মণসকল। তেওঁলোকৰ মতে এনেধৰণৰ বিলাসৰ ফলতে মোক্ষ লাভ কৰা যায়। যাগ-যজ্ঞত বিৰক্ত হৈ অৰণ্যলৈ গৈ ঘোৰ তপস্যা কৰা ঋষি-মুনি সকলক দ্বিতীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোক চিৰদিনলৈ অৰণ্যত তিস্থি থাকিব নোৱাৰে। তেওঁলোক আকৌ গৃহস্থ-ধৰ্ম্মলৈ উভতি আহে আৰু বিলাসকে সুখ বুলি মানিবলৈ ধৰে। এই শ্ৰেণীৰ উদাহৰণ হিচাপে পৰাশৰ, ঋষ্যশৃঙ্গ আদি ঋষিৰ উল্লেখ কৰিব পৰা যায়। তৃতীয় শ্ৰেণীৰ লোক হল শ্ৰমণ ব্ৰাহ্মণসকল। তেওঁলোকে মানুহ বসতি কৰা অঞ্চলৰ ওচৰত থাকি মিতাহাৰ কৰিছিল। কিন্তু তেওঁলোক আত্মৱাদী হৈ পৰিছিল। তেওঁলোকৰ কিছুমানে হয়তো আত্মাক শাশ্বত বুলি, কিছুমানে আকৌ হয়তো আত্মাক অশাশ্বত বুলি বিশ্বাস কৰিছিল। এইদৰে বাদৰ মেৰপাকত পৰাত তেওঁলোক মাৰৰ জালত সাঙোৰ খাই পৰিছিল। বুদ্ধ ভগৱানে এই আত্মবাদ পৰিহাৰ কৰিছিল আৰু নিজৰ দৰ্শন সত্যৰ ভেটিত থিয় কৰাইছিল। গতিকে তেওঁৰ ভিক্ষুসকল মাৰৰ জালত পৰা নাছিল; সেই কাৰণে তেওঁলোকক চতুৰ্থ শ্ৰেণীৰ অন্তভুক্ত কৰা হৈছে।[১]

 বুদ্ধ ভগৱানে এই আত্মবাদ কিয় পৰিহাৰ কৰিছিল, তাৰ আলোচনা কৰাৰ আগতে সেই সময়ত ব্ৰাহ্মণসকলৰ আত্মবাদ কেনে ধৰণৰ আছিল সেই সম্বন্ধে বিবেচনা কৰাটো উচিত হব। আমি তৃতীয় অধ্যায়ত


(১)^ চাওক, পৃষ্ঠা ৭৪-৭৬