পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৭৩
 

কৰিব লাগে। চাৰি মাহৰ পিচত তেওঁৰ ওপৰত ভিক্ষুসকলৰ বিশ্বাস হলে তেওঁক প্ৰব্ৰজ্যা দি ভিক্ষু-সংঘৰ অন্তৰ্ভুক্ত কৰি লয়।'

 এই মতে কাশ্যপ চাৰি মাহলৈ শিক্ষানবিছ হৈ থাকে আৰু তাৰ পিচত তেওঁৰ ওপৰত ভিক্ষুসকলৰ বিশ্বাস হোৱাত তেওঁক সংঘৰ অন্তৰ্ভুক্ত কৰি লোৱা হয়।

 শ্ৰামণেৰৰ সংখ্যা বৃদ্ধি—ভগৱানৰ পৰিনিৰ্ব্বাণৰ পিচত শ্ৰামণেৰক সংখ্যা বাঢ়ি যায়। আনকি কম বয়সতে শ্ৰামণেৰ হৈ ভিক্ষু হোৱা লোকৰ সংখ্যাহে আটাইতকৈ অধিক হয়। ইয়াৰ ফলত সংঘত ভালেমান দোষ সোমায়। স্বয়ং ভগৱান আৰু তেওঁৰ ভিক্ষু-সংঘৰ গৃহস্থী জীৱন সম্বন্ধে ভাল ধৰণৰ অভিজ্ঞতা আছিল আৰু তেওঁলোকৰ মন আকৌ গৃহস্থীৰ পিনে যোৱাৰ সম্ভাৱনা নাছিল। কিন্তু যিসকলক সৰুতে গাৰ্হস্থ্য জীৱনৰ পৰা আঁতৰাই নিয়া হৈছে, তেওঁলোকৰ গাৰ্হস্থ্য জীৱনৰ প্ৰতি আকৰ্ষণ হোৱাটো স্বাভাৱিক আছিল। কিন্তু নিয়মে তেওঁলোকক বাধা দিছিল, ফলত তেওঁলোকৰ মাজত ভালেমান মানসিক দোষ উৎপন্ন হবলৈ ধৰিলে। সংঘ ধ্বংস হোৱাৰ কাৰণবোৰৰ ভিতৰত ইও এটা বুলি ধৰি লব লাগিব।

 শ্ৰামণেৰ সকলৰ পদ্ধতিতেই শ্ৰামণেৰী সংস্থা কৰা হৈছিল। তেওঁ লোকৰ মাজত পাৰ্থক্য ইমানেই আছিল যে শ্ৰামণেৰ সকল থাকিছিল ভিক্ষুসকলৰ আশ্ৰমত আৰু শ্ৰামণেৰী সকল থাকিছিল ভিক্ষুণীসকলৰ আশ্ৰমত।

শ্ৰাৱক-সংঘৰ চাৰিটা বিভাগ

 কিন্তু সংঘৰ চাৰিটা বিভাগত শ্ৰামণেৰ আৰু শ্ৰামণেৰী সকলৰ লেখ লোৱা নহৈছিল। ইয়াৰ পৰা অনুমান হয় যে ভগৱানৰ জীৱন কালত