পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
ভগৱান বুদ্ধ
 

কথা ভগৱানৰ কাণত পৰে তেতিয়া তেওঁ ভিক্ষু-সংঘক মতাই নি কোনো নিয়মৰ কথা কৈ দিয়ে। যদিহে পিচত অনুভৱ কৰা হয় যে সেই নিয়মৰ অৰ্থ ঠিকভাৱে কৰা হোৱা নাই, তেন্তে পিচত তাক শুধৰাই দিয়ে।

 কিন্তু মহাপ্ৰজাপতি গৌতমীৰ ক্ষেত্ৰত এই পদ্ধতি প্ৰয়োগ কৰা হোৱা নাছিল। এইটো কিছু অদ্ভুত যেন লাগে, কিয়নো ভিক্ষুণী-সংঘত কোনো দোষৰ সৃষ্টি নোহোৱালৈকে তেওঁলোকৰ ওপৰত এই আঠোটা নিয়ম জাপি দিযা হয়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সমগ্ৰ সত্তা নিজৰ হাতত ৰখাৰ অভিপ্ৰায়েৰে ভিক্ষু-সংঘই পিচত এই নিয়মবোৰ বান্ধি লয় আৰু তাক বিনয় আৰু অঙ্গুত্তৰনিকায়তো সামৰি লয়।

 ‘ৱিনয়পিটক’ৰ তুলনাত ‘সুত্তপিটক’ পুৰণি। তথাপি তাৰ কিছুমান সুত্ত পিচত যোগ দিয়া হৈছে আৰু বোধহয় সেই সুত্তবোৰৰ ভিতৰত এইবোৰ আছে। খৃষ্ট-পূৰ্ব্ব প্ৰথম বা দ্বিতীয় শতাব্দীত যেতিয়া বৰ বেগেৰে মহাযান-পন্থৰ প্ৰভাৱ বিস্তাৰ হবলৈ ধৰে তেতিয়া এই সুত্ত লিখা হয় চাগৈ। তাত সদ্ধৰ্ম্মৰ অৰ্থ হল স্থৱিৰৱাদী পন্থ। সুত্তকাৰৰ ভৱিষ্যৎ- বাণীৰ তাৎপৰ্য্য বোধহয় এয়ে যে ভিক্ষুণী-সংঘ স্থাপনৰ ফলত সি পাঁচ শ বছৰলৈহে তিস্থি থাকিব আৰু তাৰ পিচত সকলো ঠাইতে মহাযান পন্থৰ প্ৰসাৰ হব। এই ভৱিষ্যৎ-বাণীৰ পৰা অনুমান হয় যে এই সুত্ত ভগৱান বুদ্ধৰ পৰিনিৰ্ব্বাণৰ পাঁচ শ বছৰৰ পিচত লিখা হৈছিল।

 বুদ্ধই যদি পোন পহিলতে ভাৰতবৰ্ষত ভিক্ষুণী সংঘৰ স্থাপন কৰিছিল তেন্তে এই আঠ গুৰুধৰ্ম্ম সামান্য পৰিমাণে হলেও ঐতিহাসিক বুলি ধৰিব পৰা গলহেঁতেন। কিন্তু প্ৰকৃততে সি তেনে ধৰণৰ নহয়। বৌদ্ধ সম্প্ৰদায়তকৈ দুই এক শতাব্দীৰ আগতে জৈন আৰু আন আন সম্প্ৰদায় স্থাপন কৰা হয় আৰু সেইবোৰ সম্প্ৰদায়ত ভিক্ষুণী সকলৰ ডাঙৰ ডাঙৰ সংঘ আহিল। তাৰে কিছুমান ভিক্ষুণী চতুৰা আৰু বিদুষী আছিল। পালি-সাহিত্যৰ কেবা ঠাইতে তাৰ পৰিচয় পোৱা যায়। সেই পদ্ধতি