ই সিংহল দ্বীপৰ বাহিৰৰ লোকৰ বাবে বিশেষ উপযোগী হব পৰা নাছিল। সেইবাবে বুদ্ধঘোষাচাৰ্য্যই মুখ্য মুখ্য অট্ঠ কথাৰ ত্ৰিপিটকৰ ভাষাৰে সংক্ষিপ্ত ৰূপান্তৰ কৰে। এই ৰূপান্তৰ অতিশয় জনপ্ৰিয় হৈ উঠে আৰু ত্ৰিপিটকৰ সমানেই তাৰো সন্মান হবলৈ ধৰে। (পালিং ৱিয়তমগ্গহুং)। গতিকে এই অট্ঠ কথাকো পালি বুলিয়ে কবলৈ লোৱা হয়। বাস্তৱতে ‘পালি’ কোনো ভাষাৰ নাম নহয়। এই ভাষাৰ মূল নাম আছিল মাগধী, কিন্তু এইদৰেই ইয়াৰ নতুন নাম- কৰণ হল।
বুদ্ধঘোষাচাৰ্য্যৰ মতে ৰাজগৃহৰ প্ৰথম সভাতে ‘ত্ৰিপিটক’ৰ উপযুক্ত বিভাগ স্থিৰ কৰা হয়। ভগৱান বুদ্ধৰ পৰিনিৰ্ব্বাণৰ পিচত ভিক্ষুসকল শোকাকুল হৈ পৰে। তেতিয়া সুভদ্ৰ নামেৰে এজন বুঢ়া ভিক্ষুই কয়, “আমাৰ শান্তাৰ পৰিনিৰ্ব্বাণ হোৱাটো ভালেই হল। তেওঁ আমাক সদায় বন্ধনত ৰাখিছিল—তোমালোকে অমুকটো কৰা উচিত নহয়, তমুকটো কৰাটো ঠিক নহয়। এতিয়া আমি নিজৰ ইচ্ছামতে যিহকে তাকে আচৰণ কৰিবলৈ স্বতন্ত্ৰতা পালোঁহক।” এই কথা শুনি মহাকাশ্যপে ভাবিলে যে ধৰ্ম্ম-ৱিনয়ৰ সংগ্ৰহ নকৰিলে সুভদ্ৰৰ নিচিনা ভিক্ষুসকলে স্বৈৰাচাৰ কৰাৰ স্বাধীনতা পাব, গতিকে তুৰন্তে ভিক্ষু-সংঘৰ সভা-পাতি ধৰ্ম্ম আৰু বৰ্নযৰ সংগ্ৰহ কৰি ৰখা উচিত হব। এইদৰে মহাকাশ্যেপে চাতুৰ্মাসৰ সময়ত ৰাজগৃহত পাঁচ শ ভিক্ষুক গোট খুৱায়। সেই সভাত প্ৰথমতে উপালিক সুধি ৱিনয়ৰ সংগ্ৰহ কৰা হয়। তাৰ পিচত আনন্দক প্ৰশ্ন কৰি ‘সুত্ত' আৰু 'অভিধম্ম' এই দুই পিটকৰ সংগ্ৰহ কৰা হয়। কোনো কোনো লোকৰ মতে 'খুদ্দকনিকায়’ৰ অন্তৰ্ভাৱ ‘অভিধম্মপিটক’তে কৰা হৈছিল, কিন্তু আনৰ মতে তাৰ অন্তৰ্ভাৱ ‘সুত্তপিটক’তহে কৰা উচিত।
এয়ে হল 'সুমঙ্গলবিলাসিনী’ৰ নিদান-কথাত দিয়া বিৱৰণৰ সাৰাংশ।