পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৫১
 

আছিল। এই আচাৰ্য্য কেইজনৰ তুলনাত বুদ্ধ আটাইতকৈ সৰু আছিল আৰু তেওঁৰ ভিক্ষু-সংঘৰ সংখ্যাও তেনেই কম আছিল। তথাপি এই অকণমানি ভিক্ষু-সংঘই আটাইতকৈ অধিক উন্নতি কৰিছিল আৰু অকল ভাৰতবৰ্ষতে নহয়, সদৌ এচিয়া মহাদ্বীপতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল। তাৰ কাৰণ কি?
 ইয়াৰ উত্তৰ হল এয়ে যে যদিও উল্লিখিত ছটা শ্ৰমণ সংঘ সংখ্যাত ডাঙৰ আছিল, তথাপি তেওঁলোকে সাধাৰণ ৰাইজৰ কাৰণে বৰ বেচি চিন্তা নকৰিছিল। সেই শ্ৰমণসকলৰ অধিক ভাগৰে ধ্যেয় আছিল তপস্যাৰ মাৰ্গেৰে মোক্ষ সাধন কৰা। গাওঁ বা নগৰলৈ গৈ তেওঁলোকে গৃহস্থসকলৰ পৰা ভিক্ষা লৈছিল আৰু মাজে সময়ে ৰাইজক নিজ নিজ সম্প্ৰদায়ৰ তত্ত্ব জ্ঞান শিকাইছিল। তথাপি গৃহস্থ সকলৰ হিতৰ কাৰণে তেওঁলোকে বৰ বেচি চেষ্টা নকৰিছিল।
 বৌদ্ধ-সংঘৰ কথা আছিল ইয়াৰ ঠিক ওলোটা। আমি আগতেই বুদ্ধৰ এটা উপদেশৰ কথা উল্লেখ কৰি আহিছোঁ‌হক। সেয়ে হল, ‘মানুহৰ হিত আৰু সুখৰ বাবে আপোনালোক চাৰিওপিনে যাওক, একেটা বাটেৰে দুজন নাযাব।' এই উপদেশ ‘মহাৱগগ’ আৰু ‘মাৰ- সংযুক্ত’ত পোৱা যায় আৰু এনে ধৰণৰ উপদেশ সুত্তপিটক’ৰো ভালেমান ঠাইতে পোৱা যায়। বুদ্ধ ভগৱানৰ এই উপদেশ অনুসৰি আচৰণ কৰা হেতুকে তেওঁৰ ভিক্ষু-সংঘ বহুজন-সমাজৰ বাবে প্ৰিয় আৰু আদৰণীয় হৈ উঠিল আৰু ফলত সকলোৰে ওপৰত এই সংঘই প্ৰভাৱ বিস্তাৰ কৰিব পাৰিলে।
 চতুৰ্থ অধ্যায়ত আমি কৈ আহিছোঁ‌ যে মানুহে পৰস্পৰৰ মাজত দ্বন্দ্ব- খৰিয়াল কৰা দেখি বোধিসত্ত্বৰ মনত বৈৰাগ্য উৎপন্ন হৈছিল। এই কাঁজিয়াৰ ওৰ পেলোৱাটো ৰাজ-সত্ত্বাৰ পক্ষে সম্ভৱপৰ নাছিল। যেতিয়া- লৈকে মানুহৰ মাজত হিংসাত্মক বুদ্ধি থাকিব, তেতিয়ালৈকে সমাজত