পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূমিকা

 পালি সাহিত্যত তিপিটক (ত্ৰিপিটক) নামেৰে যি গ্ৰন্থৰাজি সৰ্ব্বশ্ৰেষ্ঠ বুলি জনাজাত—তাৰে তিনিটা ভেদ আছে-সুত্তপিটক’, ‘ৱিনয়পিটক’ আৰু ‘অভিধম্মপিটক”। সুপিটক হল প্ৰধানকৈ বুদ্ধ আৰু তেওঁৰ মুখ্য মুখ্য শিষ্যসকলৰ উপদেশবোৰৰ সংগ্ৰহ। বিনয়- পিটক’ত ভিক্ষুসকলৰ আচৰণ সম্বন্ধে বুদ্ধই বান্ধি দিয়া নিয়মবোৰ সংকলন কৰা হৈছে আৰু সেই নিয়মবোৰৰ তাৎপৰ্য্য, সময়ে সময়ে সেই সম্বন্ধে কৰা পৰিৱৰ্তন আৰু তাৰ টীকা সংগ্ৰহ কৰা হৈছে। 'অভিধম্ম- পিটক’ত সাতোটা অধ্যায় আছে। তাত বুদ্ধৰ উপদেশ সম্পৰ্কীয় নানা কথাৰ খৰচি মাৰি আলোচনা কৰা হৈছে।

 ‘সুত্তপিটক’ৰ দীঘনিকায়, মজ্‌ঝিম নিকায, সংযুত্ত নিকায়, অঙ্গুত্তৰ নিকায় আৰু খুদ্দক নিকায় নামেৰে পাঁচোটা ডাঙৰ বিভাগ আছে। ‘দীঘনিকায়'ত চৌত্ৰিশটা বৃহৎ সুত্তৰ সংগ্ৰহ কৰা হৈছে। দীৰ্ঘৰ অৰ্থ হল বৃহৎ (সুত্ত)। সেই বোৰ ইয়াত সংগ্ৰহ কৰা হেতুকেই ইয়াৰ নাম হৈছে ‘দীঘনিকায়'।

 ‘মজ্‌ঝিম নিকায়’ত মজলীয়া আকাৰৰ সুত্ত সংগ্ৰহ কৰা হৈছে, এতেকে তাৰ নাম থোৱা হৈছে ‘মজ্‌ঝিম (মধ্যম) নিকায়।' সংযুত্ত নিকায়’ৰ প্ৰথম ভাগত গাথা-মিশ্ৰিত সুত্ত আছে আৰু পিচৰ ভাগত আছে আন আন বিষয়ৰ লগত সম্পৰ্ক থকা সুত্ত সমূহ। সেই বাবেই ইয়াক 'সংযুত্ত নিকায়' অৰ্থাৎ 'মিশ্ৰ নিকায়' কোৱা হয়। 'অঙ্গুত্তৰ নিকায়’ হল সেই বিভাগ যত এটাৰপৰা অঙ্গাঙ্গীভাৱে আনটো নিপাত বিকাশ হৈছে। ইয়াত একক নিপাতৰ পৰা একাদশক নিপাতলৈকে