(১৯) 'তাৰ (তাৰ মহাজনসকলৰ) গোত্ৰ আদিত্য আৰু তাত বাস
কৰা জাতিক শাক্য বুলি কোৱা হয়। হে ৰজা, সেই কুলৰ পৰাই
মই পৰিব্ৰাজক হৈছোঁ, গতিকে (মোৰ এই ব্ৰত) কামোপভোগৰ
বশৱৰ্ত্তী নহয়।
(২০) 'কামোপভোগত মই দোষ দেখিবলৈ পাওঁ আৰু একান্ত বাসেই
মোৰ সুখপূৰ্ণ যেন লাগে। এতিয়া মই তপশ্চৰ্য্যাৰ বাবে ওলাইছোঁ।
সেই মাৰ্গতে মোৰ মনে আনন্দ পায।'
এই সুত্তৰ তৃতীয় গাথাৰ বৰ্ণনা মতে বোধিসত্ত্বই হেনো কায়, বাক্য
আৰু উপজীৱিকাৰ সংশোধন কৰে। ঘৰৰ পৰা বাহিৰ হৈ বাটে বাটে
তেওঁ এই কাম সম্পাদন কৰিব পৰা যেন অনুমান নহয়। আলাৰ
কালাম আৰু উদ্দক ৰামপুত্তৰ লগত থাকি তেওঁলোকৰ আচাৰ-বিচাৰ
ঠিকভাৱে পালন কৰিয়ে চাগৈ বোধিসত্বই এই কামত সফল হৈছিল।
কিন্তু তাৰ দ্বাৰা তেওঁৰ মনৰ সন্তোষ নহল আৰু প্ৰসিদ্ধ শ্ৰমণ-নায়কৰ
পৰা তত্ত্ব-জ্ঞান লাভ কৰাৰ অভিপ্ৰায়েৰে তেওঁ ৰাজগৃহলৈ গল। তাত
গৈ সকলো সম্প্ৰদায়ৰে মাজত কম বেচি পৰিমাণে তপশ্চৰ্য্যাৰ চলতি
দেখি তেওঁৰো ধাৰণা হল যে তেৱোঁ সেইদৰে তপশ্চৰ্য্যা কৰা উচিত হব।
আৰু সেই বাবেই এই সুত্তৰ শেষ গাথাত তেওঁ কয় ‘এতিয়া মই
তপশ্চৰ্য্যাৰ কাৰণে ওলালোঁ। কামোপভোগৰ পৰা যে তেওঁৰ মন
আগৰ পৰাই নিবৃত্ত হৈছিল, তাক কোৱাৰ সকাম নাই। সেই হেতুকে
মগধৰ ৰজাই তেওঁক খিতাপ দিবলৈ ইচ্ছা কৰাত তাত তেওঁৰ মন
নবহিল।
উৰুৱেলালৈ আগমন—ৰাজগৃহৰ পৰা বোধিসত্ত্ব উৰুৱেলালৈ
গল আৰু তপশ্চৰ্য্যাৰ কাৰণে সেই ঠাইয়ে তেওঁৰ ভাল লাগিল।
‘অৰিয় পৰিয়েসন সুত্ত’ত ইয়াৰ বৰ্ণনা পোৱা যায়।