পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
ভগৱান বুদ্ধ
 

দিনলৈ সময় কমাই আনি ভদ্দিয়ক সাত দিনৰ মূৰত অনুৰুদ্ধৰ লগত ওলাই যাবলৈ সন্মত কৰালে। সাত দিনৰ পিচত ভদ্দিয়, অনুৰুদ্ধ, আনন্দ, ভগু, কিম্বিল আৰু দেৱদত্ত ছজন শাক্য-পুত্ৰ আৰু উপালি নামৰ এজন নাপিত—এই সাতজনে চতুৰঙ্গিনী সেনা সজ্জিত কৰি লগত ললে আৰু কপিলৱস্তুৰ পৰা দূৰলৈ গুচি গল। তাৰ পিচত সেনাহঁতক ওভোতাই পঠাই দিলে আৰু তেওঁলোকেও শাক্যদেশৰ সীমা পাৰ হৈ গল। সেই সময়ত ভগৱান বুদ্ধ মল্লহঁতৰ অনুপ্ৰিয় নামৰ এখন গাৱঁত আছিল। তালৈ গৈ সাতজন লোকে প্ৰব্ৰজ্যা গ্ৰহণ কৰিলে।

 ভদ্দিয়ৰ কথাৰ সাৰ মৰ্ম্ম–বুদ্ধ ভগৱানৰ মহিমাৰ কথা শুনি ভালেমান শাক্যকুমাৰে ভিক্ষুব্ৰত গ্ৰহণ কৰিছিল আৰু সেই সময়ত শাক্যসকলৰ ৰজা আছিল ভদ্দিয়। তেন্তে শুদ্ধোদন কেতিয়া ৰজা হৈছিল? আটাইবোৰ শাক্য মিলি নিজৰ ৰজা বাছি লৈছিল নে কোসলৰ মহাৰজাই তেওঁলোকৰ ৰজাৰ নিয়োগ কৰি দিছিল তাক কব নোৱাৰি। যদিহে তেওঁলোকে নিজৰ ৰজা বাছি লৈছিল তেন্তে তেওঁ- লোকে মহানামৰ নিচিনা কোনো প্ৰতিপত্তি থকা শাক্যক সহজতে বাছি লব পাৰিলেহেঁতেন। তদুপৰি ‘অঙ্গুত্তৰনিকায়’ৰ প্ৰথম নিপাতত এই বুলি এটা বুদ্ধ-বচন পোৱা যায়—'উচ্চ কুলত জন্ম লোৱা হেতুকে মোৰ ভিক্ষু শ্ৰমিক সকলৰ ভিতৰত কালিগোথাৰ পুত্ৰ ভদ্দিয়ই হল শ্ৰেষ্ঠ।' অকল উচ্চ কুলত জন্ম লোৱাৰ বাবেই শাক্যৰ নিচিনা এখন গণৰাজ্যই ভদ্দিয়ক নিজৰ ৰজা হিচাপে নিৰ্ব্বাচন কৰাটো সম্ভৱ যেন নালাগে। গতিকে কোসল দেশৰ পসেনদি ৰজাই তেওঁক নিয়োগ কৰি দিয়াটো অধিক সম্ভৱপৰ যেন অনুমান হয়। সি যিয়েই নহওক, শুদ্ধোদন শাক্যসকলৰ কোনো দিনেই ৰজা হোৱা নাছিল বুলিয়ে আমি

কব লাগিব।