সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
ভগৱান বুদ্ধ
 

 দ্বিতীয় কথা হল—গৌতমে গৃহত্যাগ কৰাৰ আগৰ পৰাই কপিল- ৱস্তুত এই কালামৰ আশ্ৰম আছিল। গতিকে কালামৰ ধৰ্ম্ম সম্বন্ধে জানিবলৈ তেওঁৰ মগধৰ ৰাজগৃহলৈ যাত্ৰা কৰাৰ কোনো আৱশ্যক নাছিল। এই সুত্তৰ পৰা বুজা যায় যে ভগৱান বুদ্ধই কপিলৱস্তুতে কালামৰ দৰ্শন সম্বন্ধে অধ্যয়ন কৰিছিল।
 তৃতীয় কথা হল, মহানাম শাক্য যদি বুদ্ধৰ খুৰায়েকৰ পুতেক আছিল তেন্তে বুদ্ধক ৰখাৰ বাবে তেওঁ ভৰণ্ডু কালামৰ আশ্ৰমত ঠাইৰ দিহা নকৰি নিজৰ ঘৰৰ ওচৰতে কোনোবা ভাল ঠাইত কৰি দিব পাৰিলেহেঁতেন। শ্ৰমণ সকলে গৃহস্থৰ ঘৰত তিনি দিনৰ অধিক নাথাকিছিল। কিন্তু সেই দিন মাথোন এৰাতিৰ বাবেহে থকাৰ দিহা কৰিব লগীয়া আছিল; গতিকে মহানামে নিজৰ ঘৰত বা আলহি-ঘৰতে তাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। গতিকে হয়তো মহানামৰ ঘৰ তেনেই সৰু আছিল, নহলে বোধহয় এৰাতিৰ বাবে তেওঁ বুদ্ধক নিজৰ ঘৰত থাকিবলৈ দিয়াটো উচিত বুলি বিবেচনা কৰা নাছিল।
 এইবোৰ কথালৈ ভালদৰে বিবেচনা কৰি চালে মহানাম শাক্যৰ লগত ভগৱান বুদ্ধৰ বিশেষ ওচৰ সম্পৰ্ক থকা যেন অনুমান নহয়। তদুপৰি শুদ্ধোদন শাক্য কপিলৱস্তুৰ গৰা চৌদ্ধ মাইল দূৰৈতহে থাকিছিল। কপিলৱস্তুৰ লগত তেওঁৰ সম্পৰ্ক চাগৈ নিচেই কম আছিল। শাক্য সকলৰ সভা বহিলেহে বোধহয় তেওঁ কপিলৱস্তুলৈ গৈছিল।
 ভদ্দিয় ৰজাৰ কথা—'মহাপদান সুত্ত’ত শুদ্ধোদনক ৰজা বুলি বুৰ্ণনা কৰা হৈছে আৰু তেওঁৰ ৰাজধানী কপিলৱস্তু আছিল বুলিও উল্লেখ কৰা হৈছে। কিন্তু ‘বিনয়পিটক’ৰ চুল্লবগ্‌গত ভদ্দিয় ৰজাৰ যি কথা দিয়া হৈছে তাৰ লগত ইয়াৰ সম্পূৰ্ণ অমিল দেখা যায়।
 অনুৰুদ্ধৰ ককায়েক মহানামে বাপেকৰ মৃত্যুৰ পিচত সংসাৰৰ সম্পূৰ্ণ