পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ধাৰ্ম্মিক পৰিস্থিতি
৭৫
 

সোমালগৈ আৰু ইচ্ছামতে তাৰ ঘাঁহ খাই সেই পথাৰৰ সৃষ্টি কৰা মানুহৰ হাতত ধৰা পৰিল। (২) তাকে দেখা পাই আন কিছুমান হৰিণে ভাবিলে যে সেই পথাৰলৈ যোৱাত অতিশয় অনিষ্ট হব। গতিকে সিহঁত তেনেই আওহতীয়া নিৰ্জ্জন বনলৈ গুচি গল। জহ পৰিলত সিহঁতৰ তাত ঘাঁহ- পানী একো নোপোৱা হল। গতিকে সিহঁতৰ গাত অকণো শকতি নোহোৱা হল। পেটৰ জালাত থাকিব নোৱাৰি সিহঁত সেই চৰণীয়া পথাৰখনত সোমাল আৰু বলিযাৰ নিচিনাকৈ ঘাঁহ-পানী খাবলৈ ধৰিলে, এইদৰে সিহঁতো সেই মানুহজনৰ হাতত পৰিল। (৩) তৃতীয় এটা দলৰ হৰিণে এই দুয়োটা উপায় বৰ্জ্জন কৰি ওচৰৰে বননিত থাকিবলৈ ললে আৰু অতিশয় সতৰ্কভাৱে পথাৰৰ ঘাঁহ খাবলৈ ললে। ভালেমান দিনলৈকে পথাৰৰ মালিকে সেই কথাৰ গম ধৰিব পৰা নাছিল। শেহত তেওঁ হৰিণহঁতৰ থকা ঠাই বিচাৰি উলিয়ালে আৰু জাল পাতি সেই হৰিণ কেইটাকে ধৰি পেলালে। (৪) কিন্তু চতুৰ্থ প্ৰকাৰৰ হৰিণ কেইটা আছিল অতি সাৱধান। সিহঁতে চৰণীয়া পথাৰৰ পৰা দূৰৈৰ বনত থকা ঠাই বাছি ললে আৰু অতিশয় সতৰ্কভাৱে ঘাঁহ-পানী খাই থাকিবলৈ ধৰিলে। পথাৰৰ মালিকে সিহঁতৰ থকা ঠাই বিচাৰি উলিয়াব নোৱাৰিলে।

 ‘ভিক্ষুসকল, মই এইটো এটা ৰূপক ৰচনা কৰিছোঁ। চৰণীয়া পথাৰৰ মালিক মাৰৰ বাহিৰে আন কোনো নহয়। (১) বিষয়সুখকে আনন্দ বুলি অনুভৱ কৰা শ্ৰমণ ব্ৰাহ্মণ সকল হল প্ৰথম বিধ হৰিণ। (২) যিসকলে বিষয়সুখৰ ভয়ত অৰণ্যত বাস কৰিবলৈ লৈছে আৰু গোটেই জগতৰ পৰা আঁতৰি গৈছে—তেওঁলোক হল দ্বিতীয় বিশ্ব হৰিণ। (৩)যিসকল শ্ৰমণ ব্ৰাহ্মণে অতিশয় সতৰ্কভাৱে বিষয়সুখ উপভোগ কৰি জগৎ শাশ্বত নে অশাশ্বত, আত্মা অমৰ মে নশ্বৰ' আদি প্ৰশ্ন লৈ বাদ- বিবাদ তোলে আৰু তাতে মিছাকৈয়ে নিজৰ সময় কটায়, তেওঁলোক হল তৃতীয় বিধৰ হৰিণ। (৬) কিন্তু যিসকলে এনে বাদ-বিবাদত লিপ্ত