পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ধার্ম্মিক পৰিস্থিতি
৭৩
 

ৰজাৰ চেতনা হ’ল। তেওঁ কলে ‘ইতো শিৱিসকলৰ ধৰ্ম্ম নহয়। মই শিৱিসকলৰ নেতা, আক তেওঁলোকৰ ধৰ্ম্ম পালন কৰাই হল মোৰ কৰ্ত্তব্য। গতিকে চিত্তবিকাৰৰ বশৱৰ্ত্তী হোৱাটো মোৰ পক্ষে উচিত নহয়।

 এই কথা বৰ বিস্তৃত আৰু আকৰ্ষণীয় ধৰণৰ। এই কথা ৰচনাৰ সময় গণতন্ত্ৰাত্মক শাসন-প্ৰণালী সমূলি লোপ হৈছিল যেন অনুমান হয়। তথাপি শিৱিসকলৰ নিচিনা গণসত্তাত্ত্বক ৰজাৰ তিৰোতাসকলৰ প্ৰতি নিজৰ দায়িত্ব কি সেই সম্বন্ধে ভালদৰে জনা আছিল। আৰু তেওঁলোকে এনে আচৰণ কৰাৰ কাৰণ হল যাতে সৰ্ব্বসত্ত্বাধাৰী ৰজাসকলেও এই কৰ্ত্তব্যৰ প্ৰতি ভালদৰে ধ্যান দিয়ে। শিৱিকুমাৰৰ ভাষণৰ অন্তত এইদৰে এটা গাথা দিয়া হৈছে:

নেতা পিতা উগগতো ৰটঠপালো
ধম্মং শিৱীনং অপচায়মানো
সে ধম্মমেৱানুৱিচিন্তয়ন্তো
তস্মা সকে চিত্তৱসে ন ৱত্তে।

 অৰ্থাৎ ‘মই শিৱীসকলৰ নেতা, পিতা আৰু ৰাষ্ট্ৰপালক মুখিয়াল। গতিকে শিৱীসকলৰ কৰ্ত্তব্যৰ সন্মান ৰাখি আৰু শিল্পীসকলৰ ধৰ্ম্মৰ প্ৰতি ভালদৰে বিবেচনা কৰি চাই মই নিজক চিত্তবিকাৰৰ অধীন হবলৈ নিদিওঁ।

 বাল্য-বিবাহ প্ৰথা—এই কথাৰ দ্বাৰা বৌদ্ধ ৰজাসকলৰ ওপৰত ভাল প্ৰভাৱ পৰিছিল চাগৈ। কিন্তু তাৰ পৰা বোধহয় এটা বেয়া প্ৰথাৰ উদ্ভৱ হল। ব্ৰহ্মদেশৰ ৰজাই নিজৰ অন্তঃপুৰত কোনো বিবাহিতা তিৰোতা নাৰাখিছিল, কোনো পতিয়ে নিজৰ তিৰোতাক তালাক দি ৰজাক দিবলৈ সাজু হলেও তাক বৰ অধৰ্ম্মৰ কথা বুলি বিবেচনা কৰা হৈছিল। কিন্তু অবিবাহিত তিৰোতাক হলে মাক-বাপেকৰ অনুমতি নোলোৱাকৈও অবাধে ৰজাৰ অন্তঃপুৰলৈ নিয়া হৈছিল। নিজৰ ছোৱালীক