উপনিষদৰ সময়ৰ ঋষি
আজি-কালিৰ এটা প্ৰচলিত ধাৰণা হল যে বেদৰ পৰা উপনিষদ আৰু তাৰ পৰা বৌদ্ধ, জৈন আদি ধৰ্ম্মৰ উদ্ভৱ হৈছে আৰু সেই বাবে এইবোৰ ধৰ্ম্মও বৈদিক ধৰ্ম্মই। আমাৰ বিশ্বাস, ওপৰত কৰি অহা আলোচনাৰ পৰা স্পষ্টভাৱে দেখা পোৱা যায় যে বৌদ্ধ আৰু জৈনসকলৰ মতবাদ বেদ অথবা উপনিষদৰ পৰা ওলোৱা নাই, বৰং বৈদিক কালৰ আগৰে পৰা ভাৰতৰ মধ্য অঞ্চলত থকা ঋষি আৰু মুনিসকলৰ পৰাহে এই দৰ্শনৰ উদ্ভৱ হৈছে। তথাপি উপনিষদত বৰ্ণনা কৰা ব্ৰাহ্মণসকলৰ অৱস্থা বুদ্ধৰ সময়ত কেনে ধৰণৰ আছিল সেই সম্বন্ধে চমুকৈ আলোচনা কৰাটো অপ্ৰাসঙ্গিক নহব।
মই মোৰ ‘হিন্দী সংস্কৃতি আণি অহিংসা’ নামৰ পুথিখনত প্ৰমাণ কৰি দেখুৱাইছোঁ যে বুদ্ধৰ সময়ৰ ভালেমান বছৰৰ পিচতহে আৰণ্যক আৰু উপনিষদবোৰৰ ৰচনা কৰা হয়। তথাপি আমি এই কথা মানি লব পাৰোঁহক যে বুদ্ধৰ সময়তে উপনিষদত বৰ্ণিত ব্ৰাহ্মণসকলৰ নিচিনা কিছুমান ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় আছিল। কিন্তু ’জাতক কথা’ৰ ভালেমান কাহিনীৰ পৰা দেখা যায় যে তেওঁলোকৰ অধিক ভাগে হোম-হৱনৰ ধৰ্ম্ম এৰি দি শুদ্ধ শ্ৰমণ হৈছিল। উদাহৰণ স্বৰূপে আমি নংগুটুঠ জাতকৰ (সং ১৪৪ ) সাৰাংশ ইয়াতে তুলি দিলোঁ—
বাৰাণসীত ব্ৰহ্মদত্ত ৰজাৰ ৰাজত্ব কালত ঔদীচ্য ব্ৰাহ্মণ-কুলত বোধিসত্ত্বই জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জন্মৰ দিনা তেওঁৰ মাক-বাপেকে জাতাগ্নি ৰাখিছিল আৰু তেওঁৰ বয়স ষোল বছৰ হোৱাত মাক-বাপেকে তেওঁৰ আগত কলে, ‘চোৱা বাচা, তোমাৰ জন্মৰ দিনা এই অগ্নিৰ প্ৰতিষ্ঠা কৰা হৈছে, যদি তুমি গৃহস্থ হৈ থাকিবলৈ ইচ্ছা কৰা তেন্তে তিনিওখন
- (৫)^ চাওক,পৃষ্ঠা ৪৮-৫০।
৫