সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
দ্বিতীয় বিৰচন

সেহিমতে ঘোৰ সংসাৰ সাগৰে,
 মজে যত প্ৰাণী চয়।
তাৰ আন গতি, নাহিকে কেৱল,
 সন্তেসে মাত্ৰ আশ্ৰয়॥
আনো নানা বিধ, দৃষ্টান্ত দেখায়া,
 ইহাকে কৰো বিদিত।
যেন অন্নে মাত্ৰ, প্ৰাণীৰ জীৱন,
 ধৰ্ম্মে পৰলোক বিত॥৪৩৯॥
মই যেন মাত্ৰ, দুখীৰ শৰণ,
 নাহি মোত পৰে আৰ।
সেহিমতে ইটো, সংসাৰ তাপত,
 হন্তে ভয় ভৈল যাৰ॥
সন্তেসে তাহাৰ, কেৱলে শৰণ,
 কহিলোহো নিষ্ঠ কৰি।
সাঙ্গপাঙ্গে ইটো, প্ৰকৰণ অৰ্থ,
 শুনিয়ো উপসংহৰি॥৪৪০॥
সাক্ষাতে আদিত্য, উদয় ভৈলেয়ো,
 বাহিৰ মাত্ৰ প্ৰসন্ন।
ঘট পট জ্ঞান, ওপজে কেৱলে,
 নুহিকে প্ৰকাশ মন॥
সন্ত সূৰ্য্য যাৰ, ভৈলন্ত প্ৰকাশ,
 কি কৈবো ভাগ্য তাহাৰ।