সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ

ভক্তি-ৰত্নাৱলী
গ্ৰন্থ আৰম্ভ

পদ

জয় জয় কৃষ্ণ কৃপা অমৃত সাগৰ।
যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ॥
মহা বিশ্বদ্ৰোহী তৰে যাৰ লৈলে নাম।
হেন কৃষ্ণপদে কৰো সদায় প্ৰণাম॥১॥
গুণ কাল কৰ্ম্ম মায়া অধীন যাহাৰ।
কৰে কটাক্ষতে সৃষ্টি পালন সংহাৰ॥
হেন মহেশ্বৰ কৃষ্ণ নিত্য নিৰঞ্জন।
সদায় প্ৰণামো তান অৰুণ চৰণ॥২॥
মোৰ নিজ গুৰু হৃদীশ্বৰ যদুৰায়।
দিয়ো উপদেশ মোক কৃপাদৃষ্টি চাই॥
পদবন্ধে নিবন্ধিবো তযু গুণচয়।
জানি কৃপাময় মোত হুয়োক সদয়॥৩॥
কৃষ্ণ পাদপদ্ম দুই হৃদয়ত ধৰি।
গুৰুৰ চৰণ মনে শিৰোগত কৰি॥
ভক্তি-ৰত্নাৱলী গ্ৰন্থ ভাগৱত সাৰ।
মুৰুখ মাধৱে পদ কৰিলা প্ৰচাৰ॥ ৪॥