সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
প্ৰথম বিৰচন

সমস্তে ধৰ্ম্মৰ ফল ভকতিক পাইলে যিটো,
 তাৰ আন কৰ্ম্মে কোন কাজ॥১৬২॥
নন্দৰ আগত যত কহিলা উদ্ধৱে তাক,
 সংহৰিয়া এহিমানে থওঁ।
বৰ্ণাইলন্ত আৰো যেন গোপীৰ ভকতি দেখি,
 শুনিয়োক তাক কিছু কওঁ॥
জাতি কুলাচাৰ ধৰ্ম্ম জ্ঞানে কৃষ্ণ দেৱতাৰ,
 নুহি অনুগ্ৰহৰ কাৰণ।
কিন্তু ভক্তিভাৱে অতি ভজোক অজাতি জাতি,
 তাতেসে সন্তুষ্ট নাৰায়ণ॥১৬৩॥
কৈৰ কামাতুৰা নাৰী দুষ্টা মহা ব্যভিচাৰী,
 কামভাবে ভজিয়া কৃষ্ণক।
তথাপিতো দেখা কেন কৃষ্ণদেৱ বিষয়ত,
 পাইল মহা আৰূঢ় ভাৱক॥
ইটো গোপীকাক প্ৰতি কৃষ্ণৰ পৰম প্ৰীতি,
 ভৈল আক দেখিলো সাক্ষাত।
এতেকে জানিলো মহা অজ্ঞ সবো পাৱে গতি,
 ইটো কৃষ্ণ দেৱৰ সেৱাত॥১৬৪॥
ৰাসোৎসৱে ৰঙ্গ কৰি গোপীৰ কণ্ঠত ধৰি,
 মহাবাহু মেলি আলিঙ্গন্তে।
পৰম আনন্দে যিটো পাইলেক প্ৰসাদ ইটো,
 গোপী সবে মাধৱত হন্তে।