সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
ভক্তি-ৰত্নাৱলী

মূৰুখৰ মোৰ বঢ়া টুটা আদি,
 আছে দোষ যত যত।
নিজ কৃপা গুণে সন্তোষে আপোনে,
 ক্ষমিয়ো তাক সমস্ত॥
ম‍ই দূৰাচাৰ নুহিকে তোমাৰ,
 ভকতিৰ একো পাত্ৰ।
তোমাৰ চৰণে পশিয়া শৰণে,
 কেৱলে প্ৰণামো মাত্ৰ॥ ১২০৬॥
হৈয়োক সদয় কৃষ্ণ কৃপাময়,
 মই অধমক প্ৰতি।
যেন সবৰ্বক্ষণে কৰে মোৰ মনে,
 তোমাৰ চৰণে ৰতি॥
তযু বেদ বাণী শুনি আছো যিটো,
 শৰণ লোৱে তোমাত।
দূৰাচাৰো নষ্ট নুহি কিন্তু সিটো,
 কৃতাৰ্থ হোৱে সাক্ষাত॥১২০৭॥
জানিয়া পৰম দুৰাচাৰ ম‍ই,
 তোমাত লৈলো শৰণ।
কৈলো সত্য বাক নেৰিবা আমাক,
 তুমি প্ৰভু নাৰায়ণ॥
সন্তৰ সঙ্গত সবৰ্বভাৱে যেন,
 থাকো তযু সেৱা কৰি।
এহি অনুগ্ৰহ হৌক মোক লোক,
 ডাকি বোলা হৰি হৰি॥১৩০৮॥

ইতি ভক্তি-ৰত্নাৱলী সমাপ্ত।