সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
ত্ৰয়োদশ বিৰচন

মোৰ ইন্দ্ৰিয়ৰ বৃত্তি তোমাতে ৰহোক।
এহি মান অনুগ্ৰহ কৰিয়োক মোক॥
কৰ্ণে কথা মনে ৰূপ মুখে তযু নাম।
ৰহোক সদায় ডাকি বোলা ৰাম ৰাম॥১১৯২॥

ছবি

এহি মানে ৰত্নাৱলী ভাগৱত সাৰ তুলি,
 লিখি আনি কৰিলো বেকত।
নাহি আত পৰে ধৰ্ম্ম মোৰ ইটো নিজ কৰ্ম্ম,
 ফলে সমে সমৰ্পো কৃষ্ণত॥
হে প্ৰভু শ্ৰীপতি তুমি দিলা যেন মতি,
 সেহি বুদ্ধি বিভৱ সদৃশে।
পৰমাৰ্থ নিৰূপণ কৰিলোহো নাৰায়ণ,
 তযু আজ্ঞা পালিলো হৰিষে॥১১৯৩॥
যত যত্নে ইটো কৰ্ম্ম কৰিলো সমস্তে ধৰ্ম্ম
 সমৰ্পিলো তোমাৰ চৰণে।
হে অগতিৰ গতি নিজ ভক্ত সমন্বিতি,
 তুমি মোত তুষ্ট হৈবা মনে॥
সমৰ্পিয়া মাধৱত মোৰ ইটো গ্ৰন্থমত,
 কহো সৰ্ব্ব জনৰ সন্মত।
ভক্তি অৰ্থী মহন্তৰ স্বভাবে স্বীকাৰ মহা,
 হৈব সদা পাঠ চিন্তনত॥১১৯৪॥