সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
সপ্তম বিৰচন

তাহাৰ বিৰোধী যেন অন্যত্ৰ বিষয়।
মুকুতিয়ো সেহি ৰূপে সেৱাক বাধয়॥১০২৪॥
কৃষ্ণৰ চৰণ সেৱা নাই মুকুতিত।
হৰি সেৱকৰ তাক এৰিবে উচিত॥
শ্ৰীকৃষ্ণ পত্নীৰ বাক্যে লৈয়োক প্ৰমাণ।
ষোল হাজাৰৰ মাজে ৰুক্মিণী প্ৰধান॥১০২৫॥
তেহে দ্ৰৌপদীৰ আগে কহন্ত সাক্ষাত।
শুনিয়ো দ্ৰৌপদী কহো স্বৰূপ তোমাত॥
কৃষ্ণৰ চৰণ আমি কৰিয়া উপাসা।
সাৰ্ব্বভৌম পদকো নকৰো মনে আশা॥১০২৬॥
ইন্দ্ৰ ব্ৰহ্মপদ অণিমাদি সিদ্ধি যত।
নাহিকে আমাৰ ইচ্ছা মোক্ষৰ সুখত॥
হৰিৰ পৰম পদ সালোক্যাদি কৰি।
তাহাকো নোখোজো তুমি জানিবা সুন্দৰী॥১০২৭॥
লক্ষ্মী কুচ কুঙ্কুমে সুগন্ধ অতিশয়।
কৃষ্ণ পদধূলি সৰ্ব্ব সম্পদ আশ্ৰয়॥
তাক মাত্ৰ মাথায়ে বহিবো সৰ্ব্বক্ষণে।
এহিমানে বাঞ্ছো আমি কৃষ্ণৰ চৰণে॥১০২৮॥
শ্ৰীকৃষ্ণ পত্নীৰ বাক্য থৈলোহো সংহৰি।
এহি মানে শাস্ত্ৰ ফল জানা নিষ্ঠ কৰি॥
কৰোহো ইহাকে স্পষ্ট বচনে শুকৰ।
বোলন্ত শুনিয়ো ৰাজা কুৰু বংশধৰ॥১০২৯॥