এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
ভক্তি-ৰত্নাৱলী
শ্ৰৱণ কীৰ্ত্তন নাহি কৃষ্ণৰ যথাত।
তথাত ৰাক্ষসী সবে মিলাৱে বিঘাত॥৫১১॥
নকৰে ভকতি নিজ কৰ্ম্মসে আচৰে।
বহুবিধ বিঘ্নে তাক উপদ্ৰৱ কৰে॥
আছে পৰলোকতো বিস্তৰ ভয় তাৰ।
যমৰ বচনে লৈয়ো প্ৰমাণ ইহাৰ॥৫১২॥
দূতৰ আগত যমে কহন্ত নিশ্চয়।
যাহাৰ জিহ্বায়ে হৰিনাম নলৱয়॥
কৃষ্ণ পাদপদ্ম চিত্তে নুসুমৰে যাৰ।
শিৰে নমস্কাৰ নকৰিল একবাৰ॥৫১৩॥
পূজা আদি একো কৃত্য নকৰে কৃষ্ণৰ।
তাতপৰে নাহি দুষ্ট অধম পামৰ॥
সেহি মোৰ পৰয়া তাহাক আন ধৰি।
হাতে গলে ভৰিত চামৰ লগাই জৰী॥৫১৪॥
বান্ধি জড়পুৰ কৰি পেলায়ো নৰকত।
পাৰমানে ভুঞ্জায়ো যাতনা আছে যত॥
এহি মানে থৈলো যম ৰাজাৰ বচন।
ভক্তি হীন পুৰুষৰ নিষ্ফল জীৱন॥৫১৫॥
কৰিলেক ব্যৰ্থ দেহ ইন্দ্ৰিয় সমস্ত।
লৈয়োক প্ৰমাণ শৌনকৰ বচনত॥
শৌনক বদতি শুনা সূত মহাশয়।
ইসি মোৰ মহাখেদ ভৈল অতিশয়॥৫১৬॥