পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিক্ষকসকললৈ তনুবোধ। ১৷ এই সৰু ব্যাকৰণখনি সৰু লৰা ছোৱালীৰ উপযোগী কৰিবলৈ যথেষ্ট যত্ন কৰা হৈছে; আৰু সেই উদ্দেশ্যেই ইয়াত ব্যাকৰণৰ কঠিন বিষয়বোৰ নুতুলি যিখিনি আৱশ্যকীয় অথচ সহজ তাকেহে দিয়া হৈছে। কৃৎ, তদ্ধিত, সমাস, ছন্দঃ প্ৰভৃতি যদিও ব্যাকৰণৰ বিষয়, সেইবোৰ কোমল লৰা-ছোৱালীৰ পক্ষে অতি টান, আৰু ব্যাকৰণৰ মূল বিষয়টো বুজাবৰ কাৰণে তিমান আৱশ্যকীয়ও নহয়, সেই কাৰণে সেইবোৰ এই পুথিত আলোচনা কৰিবলৈ ঠাই কৰা নাই। ২। গোটাই ব্যাকৰণথনিক চাৰিটা অধ্যায় আৰু ৩৫টা পাঠত ভাগ কৰা হৈছে। অধ্যায় চাৰিটাৰ প্ৰতি লক্ষ্য কৰিলেই এইদৰে ভাগ কৰাৰ সাৰ্থকতা বুজা যাব। পাঠ ৩৫টাৰ সম্বন্ধে যি ভাগ দিয়া হল সি সৰ্ববসাধাৰণ স্কুলৰ উপযোগী হব বুলি আশা কৰা যায়। কিন্তু শিক্ষক মহো- দয়ে নিজৰ সুবিধা অনুসৰি পাঠ-বিভাগৰ লৰচৰ কৰি ললেও একো হানি নহব। P তা মাজে মাজে যিবোৰ প্ৰশ্ন দিয়। হল, সেই অনুসাৰে আৰু অনেক প্ৰশ্ন আৰু উদাহৰণ দি শিকাবলৈ যত্ন কৰিলে