পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথমবাৰৰ পাতনি।

 এই লিখকৰ “অসমৰ বুৰঞ্জী" অসম উপত্যকা বিভাগৰ পঢ়াশালি বিলাকত পাঠ্যৰূপে চলি আছে। পিচে, অসমৰ স্কুল-ইন্‌স্পেক্ট্ৰেচ্‌ মিচ্‌ গেৰেট্‌ মহোদয়াৰ পৰামৰ্শ আৰু অনুৰোধ অনুসৰি, এই “বুৰঞ্জীবোধ" লিখিবলৈ হাতত লোৱা হয়। ইয়াক ছোৱালীৰ পাঠ্যোপযোগীকৈ চমু কৰিবৰ উদ্দেশে, ডাঙ্গৰ খনৰ বাহুল্য কথা ইয়াত চপাই ধৰা হৈছে; কিন্তু লাগতিয়াল কথা এৰা পৰা নাই, বৰঞ্চ ছেগ বুজি ছোৱালীৰ মনত-লগা কথাৰ বৰ্ণনা বহলাই হে দিয়া গৈছে। সৰু সৰু লৰা-ছোৱালীয়ে সহজে বুজিব পৰাকৈ এই পুথিৰ বিষয় আৰু ভাষা পাৰ্যমানে পোন্‌ আৰু উজু কৰি দিয়া হৈছে। এতিয়া, ই শিক্ষাবিভাগীয় কৰ্তৃপক্ষৰপৰা সহানুভূতি টানিব পাৰে যদি, আগলৈ ইয়াৰ বহুল উন্নতি সাধিবলৈ বাঞ্ছা থাকিল। ইতি।

তেজপুৰ, অসম।
১ আহাৰ, ১৮৪০ শঁক।
লিখক,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা
 
২য়,—৪ৰ্থ পাতনি।

 এই তিনি তাঙ্গৰণত পুথিৰ বাজে ভিতৰে ভালেখিনি ক্ৰমোন্নতি সাধন কৰা হৈছে। ইতি

তেজপুৰ,
১৮৪৩-৪৮ শঁক।
গ্ৰন্থকাৰ।
 
পঞ্চমবাৰৰ পাতনি।

 শিশু-ছাত্ৰৰ মনোৰঞ্জনাৰ্থে এইবাৰ গদাপাণি কোঁৱৰ, মহাৰাজ ৰুদ্ৰসিংহ আৰু গ্ৰন্থকাৰৰ ছাত্ৰজীৱনৰ ছবি এই তিনটা নতুনকৈ লগাই দিয়াৰ উপৰি, কিতাপৰ আখৰ আগতকৈ ডাঙ্গৰ কৰা গৈছে। গতিকে, পুথিৰ কলেবৰো অলপ বাঢ়িল, কিন্তু বেচ আগৰ সমানেই থাকিল। ইতি।

তেজপুৰ,
১ চ'ত, ১৮৫০ শঁক।
গ্ৰন্থকাৰ।