পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
বুৰঞ্জীবোধ।

চামিল কৰা হয়। আৰু, তেতিয়াৰপৰাই অসম উপত্যকা আৰু চুৰমা উপত্যকা নামে অসম প্ৰদেশ দুভাগ হয়। পাচত, দুই বিভাগত দুজন কমিচনাৰ ৰখাৰ নিয়ম চলিছে। লক্ষীমপুৰ, শিৱসাগৰ, নগাওঁ, দৰং, কামৰূপ আৰু গুৱালপাৰা এই ছখন জিলাৰে সৈতে অসম উপত্যকা; কাছাৰ আৰু ছিলট এই দুখন জিলাৰে সৈতে চুৰমা উপত্যকা পতা হয়। ইয়াত বাজেও নগাপৰ্ব্বত, গাৰোপৰ্ব্বত আৰু খাচী-জয়ন্তীয়া পৰ্ব্বত এই তিনিখন জিলাৰে সৈতে এটা পৰ্ব্বতীয়া বিভাগ পতা হয়। পৰ্ব্বতীয়া বিভাগত কমিচনাৰ নাছিল; এই বিভাগ পোনহতীয়াকৈ চীফ্‌ কমিচনাৰৰ তলত আছিল। কৰ্ণেল কিটিং যোৱাৰ পাচত, ১৮৭৮ খ্ৰীষ্টাব্দত চাৰ এচ, চি, বেইলী চাহাব অসমৰ চীফ কমিচনাৰ হয়হি। কিন্তু, তেওঁৰ শাসনকাল পূৰা হবলৈ নৌ পাওঁতেই তেওঁ অসমৰপৰা যাব লগা হয়। ১৮৮১ খ্ৰীষ্টাব্দত মিষ্টাৰ ইলিয়ট (পাচত চাৰ চাৰ্লচ্‌ ইলিয়ট) অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁ এজন বৰ মৰমিয়াল আৰু শিক্ষানুৰাগী পুৰুষ আছিল। তেওঁৰ আমোলতে অসমীয়া ছাত্ৰই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হলেই মাহে ২০৲ টকাকৈ বৃত্তি লৈ কলিকতাৰ কলেজত পঢ়িবলৈ যাব পৰা হয়। ইলিয়ট চাহাবৰ পাচত, ১৮৮৭ খ্ৰীষ্টাব্দত মিঃ ডি, ফিট্‌জ্‌, পেট্ৰিক চাহাব চীফ্‌ কমিচনাৰ হৈ আহে। কিন্তু, দুবছৰ নৌ হওঁতেই তেওঁ অসমৰপৰা পাবলৈ বদলি হৈ যায়।

 মিঃ ফিট্‌জ্‌ পেট্ৰিকৰ পাচত, ১৮৮৯ খ্ৰীষ্টাব্দত অনৰেবল মিঃ জে, ডি, কুইণ্টন চাহাব অসমৰ চীফ্‌ কমিচনাৰ হয়হি। তেওঁৰ