পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শেহছোৱা।
১। পাঠ।
কোম্পানীৰ দিন।

 “আহোমৰ দিন"ৰ পাচত, অসমত “কোম্পানীৰ দিন" আৰম্ভ হয়। ১৮২৫ খ্ৰীষ্টাব্দৰ সন্ধিমতে অসম দেশ আহোমৰ হাতৰ- পৰা “ইষ্ট ইণ্ডিয়া কোম্পানী"ৰ হাতলৈ যায়। আহোম ৰজা আৰু তেওৰ ঘাই ঘাই মন্ত্ৰী-বিষয়াসকলে কোম্পানীৰপৰা পেঞ্চন পোৱাৰ নিয়ম হয়।

 পোনতে অসমদেশ বঙ্গদেশৰ লগত চামিল হয়; তাৰ পাচত ইয়াক উত্তৰ-পূব বঙ্গদেশৰ কমিচনাৰৰ অধীনত ৰখা হয়। তেতিয়া ডেভিড্‌ স্কট, চাহাব সেই বিভাগৰ কমিচনাৰ আছিল। “কোম্পানীৰ দিন" আৰম্ভ হওঁতে অতি উজনি অসমত মটকৰ ৰাজ্য বৰসেনাপতিক আৰু খাম্‌তীৰ ৰাজ্য শদিয়াখোৱা খাম্‌তী গোহাঞিৰ জিম্মাত ৰখা হয়। তাৰ বাবে বৰসেনাপতিয়ে বৃটিচ্‌ গৱৰ্ণমেণ্টক বছৰি ১২,০০০৲ টকা শোধাবলৈ স্থিৰ হৈছিল; কিন্তু সেই কৰ অতিপাত যেন বোধ হোৱাত, পাচত তাক ১০০০৲ টকালৈ কমাই দিয়া হয়। শদিয়াখোৱা গোহাঞিয়ে কৰ দিব নালাগিছিল;